পৃষ্ঠা:পাঠ-মালা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । তাত বগাই উঠে গৈ, আৰু কোনো গছ ঘৰৰ ভিতৰত থলে সি যি ফালে খিড়িকী বা ঘৰলৈ পোহৰ আৰু মাহ সোমোৱা বাট থাকে, সেই ফাললৈ ভাঁজ লয়, আৰু গছৰ পুলি এটা তললৈ দোৱাই থলে তাৰ আগ ফাল ক্ৰমে পোন হৈ থিয় হয়। কোনো কোনো গছৰ পাতবিলাক সূৰ্য্যৰ গতি অনুসাৰে ঘূৰে—ৰাতিপুৱ সিহঁতৰ ওপৰৰ পিঠি পুবফালৰ সমুখ, হয়, দুপৰীয়া দক্ষিণলৈ ঘূৰে আৰু বেলি মাৰ গলে পশ্চিম ফাললৈ মুখ কৰে ৷ কোনো কোনো গছৰ পাতবিলাকে অবিচ্ছেদে গতি কৰে, অৰ্থাৎ সিহঁতৰ কেতবিলাক তললৈ নামে ; কেতবোৰে আকও সিহঁতৰ ঠাৰিবোৰ পকাই চাৰিওফাললৈ ঘূৰি থাকে । কোনো কোনো গছৰ ফুল- বিলাকে গধূলি নিয়ৰ পৰিলে আপুনি জঁাঁপ খায়, আৰু ৰাতিপুৱা সূৰ্য্যৰ পোহৰ পালে মূকলি হয় ; আৰু কোনোবিলাকৰ স্বভাৱ ইয়াৰ সম্পূৰ্ণ বিপৰ।ত! গছে সিপাৰ দ্বাৰা মাটিৰ ৰস টানি আহাৰ কৰে, তাৰ দ্বাৰা তাৰ প্ৰাণ ৰয় আৰু তাক নেপালে মৰি যায়৷ অকল শিপাৰে নহয়, পাতেৰেও গছবিলাকে আহাৰ কৰে। “অঙ্গাৰাম্লক”* নামেৰে যে এবিধ ভাপ ওলায়, তাক গছৰ পাতবিলাকে আকর্ষণ কৰে, আৰু তাৰ দ্বাৰা গছে বৃদ্ধি পায় ৷ ই বৰ আচৰিত কথা যে সকলো গছে মাটিৰপৰা ৰস টানে, কিন্তু প্রত্যেক বিধে নিজৰ গুণৰ তুল্য, আৰু আপোনাৰ নিমিত্তে উপযোগী ৰস মাথোন লয়। যদি একে ঠাইতে এজোপা কুঁহিয়াৰ আৰু এজোপ৷ নিম ৰোৱা যায়, তেন্তে দুয়ে৷ সেই একে মাটিৰে

  • Carbonic acid gas.