পৃষ্ঠা:পাঠ-মালা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । সিহঁতে পোৱালিৰ কোঁঠালীবিলাক বৰ সাৱধানে ৰাখে। বাহত এজনী সকলোবিলাক মৌ-গুটিৰ গৰাকিনী আৰু কিছুমান নিষ্কৰ্ম্মা মৌ-গুটি থাকে, সিহঁত মতা আৰু সিহঁতৰ পৰাই মৌ কুৱঁৰীয়ে অর্থাৎ বাহত থকা মাইকী মৌ গুটি জনীয়ে পোৱালী । জন্মায় ৷ সিহঁতৰ কোঁঠালীবিলাক আনবিলাকতকৈ বহল, কিন্তু পোৱালিবিলাক জন্মিলেই সিহঁতক বাহৰপৰা খেদাই দিয়া বা মাৰি পেলোৱা যায় ৷ তাইৰ ঘৰটো সকলোতকৈ ডাঙ্গৰ ৷ ৬৬ ৪ আধ্যা ১ পাঠ। বৃক্ষাদিৰ স্বাভাৱিক গুণ (The natural disposition of trees, Plants &c.) বৃক্ষ, গুল্ম ইত্যাদিক স্থাৱৰ বা অচল বোলা যায়। কিয়নো সিহঁতে এঠাইৰপৰা আন ঠাইলৈ যাব নোৱাৰে ; কিন্তু গমি চালে গছ প্রভৃতিৰো কোনো প্ৰকাৰৰ গতি দেখা যায়। গছৰ শিপা মাটিৰ তললৈ সোমাওঁতে যদি বাটত শিল, ইটা বা আন কোন বস্তুৰ লগ, নাইবা আন কোনো প্ৰকাৰৰ বাধা পায়, তেন্তে সি পোন বাট এৰি এফলীয়া হৈ যায়। এজোপা গছৰপৰা বা গছ নথকা ঠাইত এডাল গোঁজ মাৰি তাৰপৰা, অলপ আঁতৰত এটা লতাৰ পুলি কলে সি আপোনাআপুনি সেই গছ বা গোঁজৰ ফাললৈ ঢাল লৈ