পৃষ্ঠা:পাঠ-মালা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । গাগিনী ধৰিব পাৰিলে তাক সোধে “গাগিনী! পানী কিমান ?" তাতে সি তাৰ হাঁতোৰ৷ দুখন বহলাই মেলিলে সেই বাৰ পানী ডাঙ্গৰ আৰু চপাই ধৰিলে অলপ হব বুলি ভাবে৷ এইরূপে সিহঁতেও তাৰ ওপৰত ভবিষ্যৎবক্তাৰ শক্তি আৰোপিত কৰে। গাগিনীয়ে কোন পোক ধৰিবৰ কাৰণে তালৈ লক্ষ্য কৰিলে যদি দুই তিনি ঘণ্টা অপেক্ষ| কৰিব লাগে, তেওঁ সি তাৰপৰা চকু নুগুচোৱাকৈ খাপ লৈ থাকে, আৰু সেই পোক আঁতৰি গলে সিও উৰি বা এন্দুৰ ধৰিবলৈ যোৱা মেকুৰীৰ দৰে লাহে-লাহে চুঁচৰি যায় ; পাচে পোকটো গলেই সি আগৰ দৰে থিয় হয়। শুনা যায় যে, গাগিনীবিলাকে ইটোৰে সিটোৰে সৈতে যুঁজ কৰে, আৰু যুঁজত জিকাটোৱে হৰাটোক খণ্ড-খণ্ড কৰি ছিঙ্গি খাই পেলায় ৷ ১৪ পাঠ। মৌ-মাখি (The Bees. ) ই তাৰ অতি এটা স্বভাৱৰ আচৰিত সৃষ্টি। মৌ-মাখিৰ জিভা লাগতিয়াল অঙ্গ। তাৰ দ্বাৰা সি ফুলৰপৰা মৌ উলিয়ায়। সেই জিভা আন মাখিৰ জিভাৰ দৰে ফেঁাপোল৷ ব৷ চুঙ্গাৰ নিচিনা নহয়, সি গোটা ; এতেকে মৌ-গুটিয়ে মৌ চুহি নুলিয়ায়, কিন্তু চেলেকি বা চুঁচি নিয়ে তাৰ দাঁতো আছে, তাৰ দ্বাৰা সি ফুলৰ পৰ৷ মম গোটাই তাৰ পাচ ঠেঙ্গৰ তপিনাত থকা