পৃষ্ঠা:পাঠ-মালা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । সাগৰত থকা শত্ৰুৰ হাতৰপবা সাৰিবলৈ উৰা মাৰিও ৰক্ষাৰ উপায় নেপায় ; কাৰণ তেতিয়া সি মাছৰ হাতৰপৰা এৰাই চৰাইৰ মুখত পৰে ৷ এইৰূপে পানী আৰু আকাশ দুয়ে৷ ঠাইত পৰিত্ৰাণ নেপাই, সি কেতিয়াবা আন শত্ৰুৰ হাতত আপোনাক সমৰ্পণ কৰে, অর্থাৎ জাকে জাকে উৰি আহি জাহাজত পৰি মানুহৰ আনন্দ বঢ়ায়, আৰু ভোক গুচায়। পতঙ্গ। ( The Grasshopper) ১৩ পাঠ। গাগিনী ( The Mantis ) এই নামেৰে এবিধ ফৰিঙ্গৰ নিচিনা জন্তু আমাৰ দেশৰ অনেকে দেখিছে ; কিন্তু তাৰ স্বভাৱৰ কথা নেজানি তাক কেৱল গছৰ পাতখোৱ৷ ফৰিং বুলি হে ভাবে। সি গছৰ পাত মাথোন খায়, এনে নহয় ; সৰু সৰু পোক আৰু মাখিও তাৰ আহাৰ। সি পোক ধৰিবৰ কাৰণে প্ৰায়ে তাৰ পাচ ঠেঙ্গত ভৰ দি আগ হাঁতোৰা দুখন ওপৰলৈ দাঙ্গি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ দৰে থিয় হৈ থাকে ; এই কাৰণ ইংৰাজী ভাষাত তাক মেণ্টিচ (Mantis) অর্থাৎ ভবিষ্যৎ-বক্ত৷ বোলে ; আৰু সেই কাৰণেই কোনো কোনো দেশৰ অজ্ঞ মানুহবিলাকে তাক বৰ পবিত্ৰ বুলি সম্মান কৰে, আৰু নেমাৰে ; আমাৰ কোনো কোনো চহ৷ মানুহে বাৰিষাৰ আদিতে