পৃষ্ঠা:পাঠ-মালা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । খোৰোঙ্গত সুমাই থয়। পাচে তাৰ শক্তিৰ জোখায় মৌ আৰু মম গোট খালে সি বাহলৈ উলটি যায়। মৌ গুটিৰ-পেটটো ছটা আঙ্গঠি বা চক্ৰেৰে নিৰ্ম্মিত ; সি সেই আঙ্গঠিবিলাকৰ এটাৰ তলত আনটো সুমাই :গাটে৷ চুটি কৰিব পাৰে ৷ তাৰ পেটৰ ভিতৰত নাড়ীভুৰুত বাজে মৌৰ জেলোঙ্গা, বিষৰ জোলোঙ্গা আৰু শুং থাকে ৷ মৌৰ জোলোঙ্গাটে৷ ফটিকৰ দৰে ফট্‌ফটীয়া ; তাতে মৌ-গুটিয়ে ফুলৰ পৰা অনা মৌ থয়। তাৰ কিছুমান সি ৰহঘৰাত ঢালি দিয়ে, অৱশিষ্ট ভাগ তাৰ আহাৰ হয় । বিষৰ জোলোঙ্গাত বিষ থাকে। মৌ-গুটিৰ শুং দুড'ল, সিহঁত এটা জোঙ্গামুখযুক্ত ফাঁকৰ ভিতৰত থাকে। দুয়োট, শুঙ্গৰ মুখ বৰশীৰ শুঙ্গৰ দৰে চোকা আৰু ওভোতা। মৌ গুটি য় কোনো জন্তুৰ গাত কামৰোঁতে প্ৰথমতে ফাঁকৰ আগটোৰে ছাঁ ফুটা কৰে, সেই ফুটাত শুং দুটা হুমাই দিয়ে, তাৰ পাচত বিষৰ জাল ঢালি দিয়ে ৷ এই কাৰণেই তাৰ পীড়া অসহ্য হয়। িেতয়াবা শুং দুডাল সেই ফুটাতে লাগি ৰয়, তেতিয়া ঘাৰ দন৷ বৰ প্ৰবল হয়, আৰু মৌ গুটিৰে৷ প্ৰাণ যায়। এই শুং নথকা হলে মৌ-মাখিৰ নিজ পৰিশ্ৰমৰ ফলৰ ৰক্ষণ আৰু উপভোগ দুষ্কৰ হলহেঁতেন। 64 এই ক্ষুদ্র জন্তুবিলাক কিছুমান নিৰূপিত নিয়মৰ অধীন মাথোন, এনে নহয়, সিহঁত উদ্যোগী, পৰিশ্ৰমী, সাৱধান আৰু স্বাৰ্থপৰতা-শূন্য। সিহঁতৰ প্ৰত্যেকে যি বস্তু গোটায়,তাক সকলোৰে আহাৰৰ নিমিত্তে সাঁচি থোৱা হয়, আৰু সিহঁতৰ বাহত যি শিল্প-কৌশল দেখা যায়, তাৰ দ্বাৰায় সিহঁতে সিহঁতৰ সন্তান-