পৃষ্ঠা:পাঠ-মালা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । শত্রু। ডৰেডো প্ৰায় চাৰি হাত দীঘল ; কিন্তু তাৰ গা বৰ শকত নহয়, আৰু সি পানীত আচৰিত বেগেৰে চলিব পাৰে। উৰণীয়া মাছৰে৷ গাতকৈ দীঘল আৰু বৰ দৃঢ় দুখন পাখি থকাত সি বেগত তাৰ শত্ৰুতকৈ হীন নহয়। এই কাৰণ যেতিয়৷ ডৰেডোৱে ইয়াক খেদে, আৰু ই তাৰ হাতৰপৰ! সাৰিবলৈ আচৰিত চতুৰতা আৰু তীব্র বেগেৰে ইফালৰপৰ৷ সি ফাললৈ গতি কৰে, তেতিয়া সাগৰত এটা মনোৰম দৃষ্টি হয়। ডৰেডোৱে ইয়াক খেদোতে ই যেতিয়ালৈকে পানীত বেগাই ফুৰিব পাৰে, তেতিয়ালৈকে আকাশলৈ নুঠে; কিন্তু শ্ৰান্ত হৈ পানীত সাঁতৰিব নোৱাৰা হলে হেঙ্গাল কুকুৰে খেদা শহাৰ দৰে প্ৰাণ ৰক্ষাৰ আন উপায় কৰে, অর্থাৎ আকাশলৈ উৰা মাৰে। তাৰ সেই দীঘল পাখি, যি পানীত সাতৰোঁতে অকামিল৷ হৈছিল, এতিয়া তাক আন প্ৰকাৰে চলোৱাত, বিশেষ উপকাৰী হয়৷ এইৰূপে সেই ভয়াতুৰ জন্তু ওপৰলৈ উঠি দুশ কি তিনি শ গজৰ দূৰলৈ উৰি যায়। পাচে উৰি ফুৰোঁতে তাৰ পাখি দুখন দুৰ্ব্বল হলে সি আৰু উৰিব নোৱৰা হয় ; কিন্তু তেতিয়া সি সাগৰত চলিবলৈ নতুন শক্তি পায়, আৰু পানীত পৰি বেগাই সাঁতৰিবলৈ ধৰে। তেতিয়াও তাৰ শত্ৰুৱে তাৰ পাচ নেৰে, তাতে সি পুনৰায় উৰে ; কিন্তু এইবাৰ সিমান উৰিব নোৱাৰে, অলপ দূৰলৈ গৈয়ে আকও পানীত পৰি পুনৰায় উৰে, শেষত শ্ৰান্ত আৰু নিৰূপায় হৈ শত্ৰুৰ মুখত পৰে । অকল ডৰেডো হে এই ক্ষুদ্ৰ জীৱৰ শত্ৰু, এনে নহয় ; সকলো প্ৰাণীয়েই তাৰ অহিতে মুঠ বন্ধা যেন দেখা যায়, কিয়নো সি 1