পৃষ্ঠা:পাঠ-মালা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । দিলে৷ এই কালত তাৰ সঙ্গী টোৱে তাৰ লগ নেবি পাৰে মানে তাৰ সহায়তা কৰিছিল; কিন্তু তাৰ প্ৰাণ যোৱা দেখি সি অতিশয় শোকেৰে জীৱনৰ আশা এৰি সেই মৰা তিমিটোৰ ওচৰত দীঘল হৈ পৰিল, আৰু তাৰ দৰেই আপোনাৰে! প্রাণ হেৰুৱালে । গ্রীণ্লণ্ড আৰু অন্যান্য ঠাইৰো মানুহে বছৰি ওভোতা কোলেৰে খুঁচি বিস্তৰ তিমি মাৰে আৰু সেই বিলাকৰ নঙ্গহৰ পৰা তেল উলিয়াই বেচি বহুত ধন লয়। ১২ পাঠ। উৰণীয়৷ মাছ ( The flying fish. ) এই মাছ সাগৰত থাকে । তাৰ কাণ-পাখি দুখন চৰাইৰ ডেউকাৰ সদৃশ, আৰু তাৰ দৰে কাৰ্য্যও কৰে । প্রত্যেক খন পাখি নিচেই পাতল ছালেৰে জোঁটা, সাতোটা কি আঠোট৷ খৰিকাৰ নিচিনা সৰু আৰু কোমল হাড়েৰে নিৰ্ম্মিত, আৰু তাৰ কলৰ কাষত থাকে। এই পাখি দুখান সি আগ-পাচকৈ বৰকৈ সঞ্চালিত কৰিব পাৰে ; তদ্দ্বাৰা সি আকাশলৈ উঠে আৰু পানীতে৷ বেগাই গতি কৰে ৷ মাছেই মাছৰ ঘাই আহাৰ। ডাঙ্গৰ মাছে ডাঙ্গৰ, আৰু সৰু বিলাকে নিচেই ক্ষুদ্র বা পোনা মাছ খাই জীৱন ৰাখে। ডৰেডো নামেৰে এবিধ মাছ আছে, সি উৰণীয়া মাছৰ পৰম