ধুনীয়া, মাইকীবিলাক দেখিবলৈ বৰ ভাল নহয়। তাৰ
ডাঙ্গৰ গা, মনোৰম আচৰণ, স্থিৰ খোজ, শুৱনি গঢ়, সুন্দৰ
বৰণীয়া, জঁৰে ভূষিত মূৰ আৰু চকুৰ আনন্দ জন্মোৱা নিৰুপম
পাখি; এই বিলাকে মৰা-চৰাইক আমাৰ আদৰৰ অতি ওখ
ভাগলৈ তোলে। কিন্তু তাৰ সেই সুন্দৰ পাখিবিলাক চিৰ-
স্থায়ী নহয়, বছৰি সৰে। সেই সময়ত সি লাজ পোৱাৰ দৰে
পলাই ফুৰে, আৰু বসন্ত কালত পুনৰায় নতুন পাখি নগজে-
মানে হাবিৰপৰ৷ নোলায়।
ম'ৰাৰ পাচ ফালৰ বিচিত্ৰ পাখিবিলাক তাৰ নেজ নহয়;
কাৰণ সেই বিলাক তাৰ টিকাত নগজে, পিঠিৰপৰা হে ওলায়;
তাৰ টিকাত থকা চুটি, মুগা আৰু ঠৰঙ্গা পাখিবিলাক তাৰ
স্বৰূপ নেজ, আৰু সেই দীঘল পাখিবিলাকৰ আধাৰ। কিন্তু
সিহঁতক তাৰ নেজ বুলি গণনা কৰা নাযায়; পিঠিত গজা
নেই দীঘল পাখিবিলাকে হে নেজ নাম পায়। যেতিয়া
ম’ৰাই তাৰ সুন্দৰ নেজ থিয় কৰি চালি ধৰে, তেতিয়া
আগফালৰপৰা তাৰ মূৰ আৰু ডিঙ্গিত বাজে গাৰ আন কোনো
ভাগ দেখা নাযায়। মৰা-চৰাই এচিয়া আৰু আফ্ৰিকাৰ
হাবিত পোৱা যায়। কিন্তু ভাৰতবৰ্ষৰ চাপৰিবিলাকত যিবোৰ
ম’ৰা আছে, সিবিলাক আন সকলো ঠাইৰ সেই জাতিৰ
চৰাইতকৈ ডাঙ্গৰ আৰু শুৱনি। পোৱালি হবাৰ সময়ত
মাইকী মৰাই প্ৰত্যেক তৃতীয় বা চতুৰ্থ দিনত দুটামান কণী
পাৰে৷ কণীবিলাক ফুটুকা-ফুটুকী। সমুদায় কণী পৰা হলে
তাই সাতাইশ বা ত্ৰিশ দিন উমনি লৈ পোৱালি জগায়। মৰা-
পৃষ্ঠা:পাঠ-মালা.pdf/৬৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
পাঠ-মালা।