পৃষ্ঠা:পাঠ-মালা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । 1 পাৰে মানে যত্ন কৰি পোৱালিক আহাৰ যোগায়, আৰু অকলৈ থকা কেঁচুৱা লৰা পালে পোৱালিক খুৱাবলৈ থাপ মাৰি লৈ যায়৷ উকহক জাতি কৰা বৰ টান, নিচেই সৰুতে আনি ঘৰত পৰিশ্ৰমেৰে পুহিলেও সি বশ নহৈ সঙ্কটজনক ভৃত্য হে হয় ; কিয়নো সি চল পালেই তাৰ শক্তি, তাৰ গৰাকী বা তেওঁৰ লৰাছোৱালীৰ অহিত ব্যৱহাৰ কৰে ; সি স্বভাৱতে অহঙ্কাৰী, আৰু মুকলিমূৰে থাকিবলৈ ভাল পায় ; এতেকে তাক বাহিৰলৈ নি চৰাই ধৰিবলৈ এৰি দিলে সেই চলতে সি যে তাৰ নিজ৷ নিৰ্জ্জন হাবিলৈ উলটি নাযাব, তাত বিশ্বাস কৰিৰ নোৱাৰি ৷ কিন্তু কেতিয়াবা সি তাক পোহোঁতাৰ বৰ বশ হয়। এই কথা শুনা আছে যে, উকহ কেইবা সপ্তাহলৈকে অনাহাৰে থাকিব পাৰে, আৰু এশ বছৰত- কৈও অধিক কাল জীয়াই থাকে ৷ ৫৪ ৯ পাঠ। ম’ৰা চৰাই (The Peacock. ) পৰাক্ৰমৰ দ্বাৰ৷ নহৈ শৰীৰৰ শোভাৰ দ্বাৰা ৰাজত্ব পাব পৰা হলে ময়ূৰ নিবিবাদে চৰাইবিলাকৰ ৰজা হলহেঁতেন কিয়নে৷ গাৰ শুৱনি গঢ়, আৰু পাখিৰ বৰণত পক্ষিজাতিৰ ভিতৰত তাতকৈ শ্রেষ্ঠ কেও নাই ৷ সকলো জন্তুৰ মাইকীতকৈ মত৷ শুৱনি, এতেকে এই জাতিৰ চৰাইৰো মতাবিলাক হে