পৃষ্ঠা:পাঠ-মালা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । হাতীৰ দৰে গঁড়ৰো একে বাৰতে এটা পোৱালি মাথোন জগে। এচিয়াৰ গঁড়ৰ খড়গ একেটা মাথোন, কিন্তু আফ্রিকাত দুটা খড়গৰে এজাতি গঁড় আছে বুলিও শুনা যায় ৷ ৪৮ ৫ পাঠ। জল ঘোটক বা পানী ঘোঁৰা ( The Hippopotamus. এবিধ চাৰি ঠেঙ্গিয়া দ্বিচৰ জন্তু। তা গাৰ পৰিমাণ প্ৰায় হাতী বা গঁড়ৰ সমান, গঢ়ো তদ্রূপ। কিন্তু তা' ঠেং নিচেই চুটি আৰু-মূৰ বৰ ডাঙ্গৰ ৷ আফ্রিকা দেশৰ নদীবিল কেই তাৰ ঘাই নিবাসৰ ঠাই ; কিন্তু আন কোনো ঠাইৰ নৈতে৷ গক পোৱা যায় ৷ সি হাতী, গঁড়, গাহৰি আৰু ঘোঁৰাৰ দৰ চতুষ্পদী স্তন পান কৰি ডাঙ্গৰ হয়, পেটৰপৰা ঘাঁহ উলিয়াই নেপাগুলে, আৰু তাৰ খুৰা বা নখ আছে, এতেকে ইওৰোপৰ জন্ততত্ত্ব- বেত্তাসকল তাক সেইবিলাক জন্তুৰ শ্ৰেণীত গণনা কৰিছে, আৰু তাৰ প্রকৃতি ঘোঁৰাতকৈ বেলেগ হোৱাতো ঘোঁৰাৰে সৈতে একে শ্ৰেণীৰ জন্তু দেখি তাক “হিপ্পপমচ্” অৰ্থাৎ নৈৰ ঘোঁৰা নাম দিছে। এই কাৰণ তাক আমি জল-ঘোটক বা পানী- ঘোঁৰ৷ বোলোহঁক । এই ভয়ানক জন্তুৰ গাৰ জোখ দীঘে দহ হাততকৈও অধিক। সি ওখয় কিছু অধিক চাৰি হাত ; তাৰ অকল মূৰটোৰেই প্ৰায় আঢ়ৈ হাত, গাৰ মেৰ ছহাততকৈ অধিক। তাৰ প্ৰতি ভৰিত