চাৰিটা নখ থাকে, ছাল বড় ডাঠ, আৰু হিলৈৰ গুলীয়ে তাক ভেদিব পাৰে হয়; কিন্তু দাৰ কোবে একো কৰিব নোৱাৰে। তাৰ নোম নিচেই পাতল আৰু ঈষৎ বগা। সি আন জন্তুৰে সৈতে যুঁজ কৰিবলৈ সম্পূৰ্ণ সমৰ্থ, তথাপি তাৰ সমান কোনো শত্ৰুৰে সৈতে বিৰোধ কৰিবলৈ ইচ্ছুক নহয়। সি আফ্ৰিকাৰ ডাঙ্গৰ নদীবিলাকত আলস্যৰ বশ হৈ কাল খেদায়, আৰু আহাৰ বিচৰাত বাজে তাৰ আন কোনো কাম নাই। আহাৰ বিচাৰিবৰ সময়ত তিনি বা চাৰিটা একে লগ হৈ পানীৰ তলত শাৰী পাতি খাপ দি থাকে, তাতে সোঁতৰ বেগত মাছ আহি সমুখত পৰিলে তাক ধৰি খাই থয়। পানী-ঘোঁৰা সাঁতোৰাত বৰ পাৰ্গত আৰু কোনো সময়ত মাছ-আদি খেদিও ধৰে; সি উশাহ লবৰ নিমিত্তে ওপৰলৈ নুঠাকৈ আধাঘণ্টাতকৈও অধিক কাল পানীৰ তলত থাকিব পাৰে। তাৰ আহাৰৰ নিমিত্তে যিমান লাগে, সিমান মাছ নেপালে সি বামলৈ গৈ ঘাঁহ আৰু মানুহৰ শস্য খায়, কিন্তু বামত বেগাই ফুৰিবলৈ সমৰ্থ নহয়। তাৰ ছাল শিল যেন টান হোৱাত শস্যৰ গৰাকীয়ে তাৰ একো অপকাৰ কৰিব নোৱাৰে। কিন্তু বামত সি বৰ ভীত, এই কথা জানি খেতিয়কে বৰ জুই ধৰি ঢোল কোবায়, তাতে পানী-ঘোঁৰা ভয়ত বিচুৰ্ত্তি হৈ পলায় যায়। এই উপায়ৰ সলনি তাৰ গাত ঘা লগালে বা আন কোনো প্ৰকাৰে তাক দুখ দিলে তাৰ শুই থকা সমুদায় শক্তি জাগি উঠে, আৰু সি অতি উগ্ৰ খঙ্গেৰে তাৰ আগত যিহকে পায়, তাকেই কাতি কৰি পেলাই পীড়া দিয়ে। তাৰ খং নতুলিলে সি বামৰ
8