পৃষ্ঠা:পাঠ-মালা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মাল৷ ৷ ওঁঠ দীঘল, জোঙ্গ৷ আৰু লন্দন ; তাৰ দ্বাৰায় সি আহাৰ মুখলৈ সুমায়। তাৰ ছাল ডাঠ, টকল। আৰু কেঁাঁচ খাই জাঁপ যোৱা ; টিকা আৰু চেউৰাৰ ওপৰ-ভাগত সেই ছাল গাৰ আন-আন ঠাইতকৈ অধিক জাপ খোৱা। ছালৰ বৰণ মুগা, আৰু তাক চোক| অস্ত্রেও সহজে ভেদিৱ নোৱাৰে । কোনো কোনো গঁড়ৰ খড়গ দুহাত দীঘল হয়। আৰু সি একেবাৰেই হাড়ৰপৰা ওলায়। এই অস্ত্ৰৰ দ্বাৰা গঁড়ে হাতী আৰু বাঘকে৷ খেদাব পাৰে, আৰু তাৰ ছাল ইমান টান যে, সিংহৰ নখো তাত নবহে ; এতেকে কোনো জন্তুৰ পৰা গঁড়ৰ ভয় নাই। এই জন্তু এচিয়৷ আৰু আফ্ৰিকাৰ সিংহ, বাঘ আৰু হাতী থকা ডাঙ্গৰ হাবিত থাকে। ঘাঁহ মাথোন তাৰ আহাৰ ; এতেকে তাৰ স্বভাৱ উগ্ৰ নহয় । কিন্তু সি বৰ ভয়াতুৰো নহয়, এই কাৰণে আন জন্তুৱে তাক আক্রমণ কৰিলে সি লৰ নেমাৰে৷ যদিও গঁড়ৰ যুজ কৰিবৰ শক্তি আছে, তথাপি সি নিৰ্ব্বিঘিনিয়ে থাকিব পাৰিলেই ভাল পায়, নোজোকালে কাৰে৷ অপকাৰ নিচিন্তে। অন্য জন্তুৰ অভ্যক্ষ কাঁইটীয়া ঘাঁহ তাৰ বৰ প্ৰিয় । পূৰ্ব্ব কালত কোনো কোনো সময়ত, হাতীৰ দৰে, গঁড়কো ৰণলৈ নিয়া হৈছিল। কিন্তু সি মাউতৰ বশ নহয়, এতেকে যুদ্ধৰ অনুপযুক্ত। এই জন্তুৱে অহাযোৱা কৰা বাটত মানুহে, খাল খানি তাক কেঁচা বন আৰু পাতেৰে ঢাকি থয়, তাতে সি তালৈ যে ফান্দ পতা হৈছে, তাক বুজিব নোৱাৰি সেই খালত পৰাত ধৰ৷ যায়। আৰু কোনোৱে মাইকী আৰু পোৱালি একেলগে থাকোঁতে মাকক গুলীয়াই মাৰি পোৱালিটো ধৰে। 89