পৃষ্ঠা:পাঠ-মালা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । গাৰেও শ্ৰম কৰিব লাগে। কোনো এজন জ্ঞানী বৈদ্যে কৈছে যে, “নিৰ্ম্মল বতাহ, বিশুদ্ধ পানী আৰু শাৰীৰিক পৰিশ্ৰম, এই তিনিয়েই মানুহৰ ঘাই চিকিৎসক।” ৮ পাঠ। সজ লোকৰ কৰ্ত্তব্য কৰ্ম্ম (Duties of wise men.) সকলো জন্তুতকৈ মানুহবিলাক অধিক সঙ্গ-প্রিয়, এতেকে তেওঁবিলাকে অকলশৰীয়া অৱস্থাক ভাল নেপায়, আৰু অনেকে গোট খাই সমাজ পাতি থাকে ৷ সিবিলাকৰ অভাৱো অনেক, সেইবোৰ পূৰাবলৈ যত্ন কৰিব লাগে ৷ কিন্তু একে জনৰ যত্নৰ দ্বাৰ৷ সেই সকলোবিলাক পূৰ নহয়, আৰু অন্যান্য নানাপ্ৰকাৰৰ দুখ-কষ্ট গুচোৱাও টান, এতেকে আনৰ সাহায্যৰ আৱশ্যক। এই কাৰণে সজ লোকে আপোনাৰ শক্তি অনুসৰি সঙ্গীবিলাকৰ সহায়তা কৰে। বলীৰপৰা নিৰ্ব্বলীৰ ৰক্ষাৰ, আৰু পৰৰ অন্যায় আচৰণৰ দ্বাৰা দুখ-পোৱা লোকৰ প্ৰতি ন্যায় বিচাৰৰ নিমিত্তে যত্ন কৰাও সজ লোকৰ কৰ্ত্তব্য কৰ্ম্ম। টানত পৰা মানুহক হিত পৰামৰ্শ দি বা অন্য কোনে৷ প্ৰকাৰে সহায়তা কৰি তাৰপৰা উদ্ধাৰ, আৰু সমাজৰ অহিতকাৰী মানুহবিলাকে যেন ৰজাৰ পৰা উচিত দণ্ড পায় তালৈ চেষ্টা কৰিবৰ নিমিত্তে সজ লোকে সদায় সষ্টম হৈ থাকে । তেওঁ পৰৰ ধন, ধান, গৰু, মহ, মাটি, বাৰী বা অন্য কোনো বস্তুলৈ লোভ কৰি বা আন কোনো প্ৰকাৰে লোকৰ অহিত নকৰে, কিন্তু পাৰে মানে হিতকেহে