চিন্তে; আৰু কূচ্চূট-কপটক ঘিণায়। সঙ্গীবিলাকৰ দুজন বা অধিক লোকৰ মাজত বিবাদ বা বিৰোধ হলে তেওঁবিলাকৰ পুনৰ মিল কৰিবলৈ যত্ন কৰাকো তেনেলোকে আপোনাৰ কৰ্ত্তব্য বুলি জানে; আৰু দুখীয়াকো পুতৌ, আৰু নৰিয়াৰ চিকিৎসাৰ উপায় কৰাত বা মৰা-ঘৰীয়াক প্ৰবোধ দিয়াত কেতিয়াও পৰাঙ্মুখ নহয়, তাত বাজে হিত উপদেশ দি আৰু আপোনাৰ সজ আচৰণৰ আৰ্হি দেখাই সকলোকে সাধু কৰিবলৈ যত্ন কৰা আদি পৰোপকাৰৰ কামত তেওঁ অতিশয় আনন্দ পায়। যি এই বিলাক কাৰ্য্যৰ বিৰুদ্ধ আচৰণ কৰে, সি সজ লোক নহয়।
⸻
৩ আধ্যা।
১ পাঠ।
জন্তুবিলাকৰ স্বভাৱ, বোধ ইত্যাদি
(The nature and instinct of animals. )
জন্তুবিলাকক মানুহৰ দৰে সজীৱ, আৰু সিহঁতৰ সুখ-দুখ বুজা শক্তি মানুহৰ সেই শক্তিতকৈ কম নহয়। সিহঁতৰ এক প্ৰকাৰ ভাষাও আছে, অৰ্থাৎ সিহঁতৰ মনৰ নানা ভাব ব্যক্ত কৰিবৰ নিমিত্তে বেলেগ-বেলেগ শব্দ আছে। এই কাৰণে কোনো জন্তুৱে মাত মাতিলে তাৰ জাতিৰ অন্য জন্তুৱে তাৰ মনৰ ভাব বুজে। কিন্তু সিহঁতৰ মনৰ ভাব অতি অলপ; এতেকে মাতৰ সংখ্যাও কম, আৰু সেইবিলাক মাত মানুহৰ মাতৰ বা বাক্যৰ