পৃষ্ঠা:পাঠ-মালা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 পাঠ-মালা । চিত্তে ; আৰু কৃচ্চ ট-কপটক ঘিণায়। সঙ্গীবিলাকৰ দুজন বা অধিক লোকৰ মাজত বিবাদ বা বিৰোধ হলে তেওঁবিলাকৰ পুনৰ মিল কৰিবলৈ যত্ন কৰাকে৷ তেনেলোকে আপোনাৰ কৰ্ত্তব্য বুলি জানে ; আৰু দুখীয়াকো পুতৌ, আৰু নৰিয়াৰ চিকিৎসাৰ উপায় কৰাত বা মৰা-ঘৰীয়াক প্ৰবোধ দিয়াত কেতিয়াও পৰাঙ্মখ নহয়, তাত বাজে হিত উপদেশ দি আৰু আপোনাৰ সজ আচৰণৰ আৰ্হি দেখাই সকলোকে সাধু কৰিবলৈ যত্ন কৰা । আদি পৰোপকাৰৰ কামত তেওঁ অতিশয় আনন্দ পায় । যি এই বিলাক কাৰ্য্যৰ বিৰুদ্ধ আচৰণ কৰে, সি সজ লোক নহয়। ৩৮ আধ্যা। ১ পাঠ। জন্তুবিলাকৰ স্বভাৱ, বোধ ইত্যাদি (The nature and instinct of animals. ) জন্তুবিলাকক মানুহৰ দৰে সজীৱ, আৰু সিহঁতৰ সুখ-দুখ বুজা শক্তি মানুহৰ সেই শক্তিতকৈ কম নহয়। সিহঁতৰ এক প্ৰকাৰ ভাষাও আছে, অৰ্থাৎ সিহঁতৰ মনৰ নানা ভাব ব্যক্ত কৰিবৰ নিমিত্তে বেলেগ-বেলেগ শব্দ আছে। এই কাৰণে কোনো জন্তুৱে মাত মাতিলে তাৰ জাতিৰ অন্য জন্তুৱে তাৰ মনৰ ভাব বুজে । কিন্তু সিহঁতৰ মনৰ ভাব অতি অলপ

এতেকে মাতৰ

সংখ্যাও কম, আৰু সেইবিলাক মাত মানুহৰ মাতৰ বা বাক্যৰ