সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পাঠ-মালা।

লঘু, আৰু কাৰ্য্য কৰিবৰ যোগ্য হয়, আহাৰেও শীঘ্ৰে পাক পায়; আৰু তেজ মাংস হৈ গোটেই গালৈ চলি যায়; তাতে গা পুষ্ট আৰু সৱল হয়। কিন্তু যি অঙ্গকে চলোৱা নেযায়, সিয়েই দুৰ্ব্বল আৰু অকৰ্ম্মা হয়। অনেকেই ঊৰ্দ্ধবাহু সন্ন্যাসী দেখিছে। তেনে মানুহে হাত এটা ওপৰলৈ দাঙ্গি লৰ-চৰ নকৰাকৈ থকাত সেইটো হাত একেবাৰেই অকামিলা হৈ পৰে। কিন্তু সদায় হাঁতুৰী মাৰি থকা কমাৰৰ হাত বলৱান আৰু টান। ইয়াৰ দ্বাৰা বুজা যাব পাৰে যে, যি মানুহে যি পৰিমাণে অঙ্গবিলাক চলায়, সেই পৰিমাণে তাৰ গা দৃঢ় আৰু সৱল হয়। অঙ্গ-চালনাৰ অনেক উপায় আছে। প্ৰথম ব্যায়াম, যাক হিন্দী-ভাষাত “কুস্তী” বোলা যায়, কিন্তু নিশিকিলে; তাক কৰিব নোৱাৰি; এতেকে সি সকলোৰে সাধ্য নহয়। তাত বাজে নাও বোৱা, কোৰ মৰা, খোজ কাঢ়ি ফুৰা, ভটা-গুটি, ঢোপ, বা বল খেলোৱা আদি শাৰীৰিক পৰিশ্ৰমৰ কাম অনেক আছে। সেই বিলাকৰ ভিতৰৰ যি যিটো পাৰে, তাক নিতৌ এই পৰিমাণে কৰা উচিত, যেনে গাৰ সকলো অঙ্গ পৰিচালিত হয়, অথচ নিজে সহিব পৰাতকৈ অধিক শ্ৰম নহয়।
 যিবিলাক মানুহ কামত নিযুক্ত হৈ সদায় পুৰি থাকে, সেই বিলাকতকৈ যি সকলে লিখি, পঢ়ি বা এনেই ঘৰত বহি থাকি কাল খোদায়, সিবিলাক ওপৰত কোৱাৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰিবৰ অধিক আৱশ্যকতা পৰে। গাৰ অঙ্গ নচলাই সদায় মনটো চলাই থাকিলে শৰীৰ আৰু মন দুয়ো অতি শীঘ্ৰে নিস্তেজ আৰু জীৰ্ণ হয়। এতেকে মনেৰে শ্ৰম কৰা লোকবিলাকে