সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পাঠ-মালা।

এই সকলোবিলাক ব্যৱসায় জানিব বা কৰিব লাগে এনে নহয়; কিন্তু আপোনাৰ সুচল, বুদ্ধি আৰু ইচ্ছানুসাৰে এই বিলাকৰ ভিতৰৰ কোনো এটা বা অধিক ব্যৱসায় জনা সকলোৰে উচিত, আৰু তদ্দ্বাৰা মানুহৰ সুখ আৰু দেশৰে শ্ৰীবৃদ্ধি হয়।

 সাধাৰণ কথাত কোৱ৷ যায় যে “হাৰিৰ বিদ্যা শিকিলেও কালে উপকাৰ হয়।” কিন্তু আমাৰ দেশৰ চাকৰিৰ দ্বাৰা জীৱিকা উলিওৱা বৰলোকসকলে এই হিত বাক্যলৈ মন নকৰি পাচি-খৰাহি-সজা-আদি হাতৰ কামবিলাকক নীচ কাৰ্য্য বুলি ঘিণায়; ই যে তেওঁবিলাকৰ ভ্ৰম তাক তলত লিখা সত্য ইতিহাসটিৰপৰা বুজিব পাৰি। জৰ্ম্মানী দেশৰ কোনো এজন ধনী আৰু ডাঙ্গৰ লোকে ধন আৰু বিষয় অনিত্য, এতেকে দুখত পৰিলে উপজীব্য কৰিবৰ নিমিত্তে কোনো এটা হাতৰ বিদ্যা জনা উচিত, ইয়াকে বুজি তেনে বিদ্যা শিকাত উৎসাহ দিছিল। তেওঁৰ এটী সুন্দৰী আৰু বিদ্যাবতী কন্যা আছিল। পাচে বিষয় আৰু সম্পত্তিৰে তেওঁৰ সমান আন এজন বৰ লোকৰ পুতেক এটিয়ে সেই কন্যাৰ-ৰূপ গুণৰ দ্বাৰা মোহিত হৈ তেওঁ পিতাকৰ আগত বিয়াৰ প্ৰস্তাব কৰিলে সেই বুঢ়া ভদ্ৰলোকে ডেকাক সুধিলে বোলে “মোৰ জীক সুখেৰে ৰাখিবৰ কাৰণে তোমাৰ কি উপায় আছে?” এই কথাত ডেকা আচৰিত হৈ কলে, তেওঁ বৰ লোকৰ লৰা, তেওঁৰ ধন-সম্পত্তি অলেখ, একোৰে অভাব নাই; এতেকে তেওঁৰ ভাৰ্য্যাক সুখেৰে ৰখা একো টান কথা নহয়। তাতে ভদ্ৰলোকজনাই উত্তৰ কৰিলে যে, সেই কথা সঁচা, কিন্তু ধন-সম্পত্তি অনিত্য, দেশৰ বিভ্ৰাট হৈ কেতিয়া