নাশ পায়, তাৰ একো নিশ্চয় নাই; এতেকে দুখত প্ৰবৰ্ত্তিবৰ কাৰণে এটা হাতৰ বিদ্যা নিশিকিলে সেই ছোৱালী পাবলৈ তেওঁ আশা কৰিব নোৱাৰে। যুৱাই তেওঁৰ জীয়েকক বিয়া কৰিবলৈ ইমান ব্যস্ত হৈছিল যে, তেনে কোনো এক বিদ্যা শিকিবৰ কাৰণে তেওঁ ছমাহ কাল খুজি কলে বোলে সেই কালৰ ভিতৰত তেওঁ অৱশ্যে কৃতকাৰ্য্য হব। তাতে বুঢ়া ভদ্ৰলোকে সন্তোষ পাই মান্তি হল।ডেকাই বিদায় লৈ ঘৰলৈ গল।
ছ মাহৰ মুৰত ডেকা উলটি আহি পৰীক্ষাৰ দ্বাৰা দেখুৱালে যে, তেওঁ পাচি-সজা বিদ্যাত বৰ পাৰ্গত হৈছে; তাতে সেই ভদ্ৰলোকে বৰ ৰঙ্গেৰে জীয়েকক তেওঁলৈ বিয়া দিলে। তাৰ কিছু কালৰ পাচত ৰাজ্যৰ বিভ্ৰাট হৈ সেই ডেকাৰ আৰু তেওঁৰ শহুৰেকৰ সকলো ধন-সম্পত্তি হেৰাল, আন কি উপজীব্যৰ উপায়েই নাইকিয়৷ হল। তেতিয়া সেই যুৱাই পাচি-খৰাহি বেচিবলৈ ধৰিলে, আৰু তেওঁৰ পাচ আনতকৈ ভাল হোৱা হেতু সেই কাৰ্য্যৰপৰা বৰ লাভ হৈছিল; আৰু তেওঁ তাৰ দ্বাৰায়ে নিজৰ আৰু শহুৰেকৰ দুইৰো পৰিয়ালৰ উপজীব্য চলাইছিল। এইৰূপে তেওঁ বুঢ়া হৈ কালৰ হাতত প্ৰাণ নোশোধোৱালৈকে দুয়োঘৰ মানুহক প্ৰতিপাল কৰি আছিল। পাচি-সজা বিদ্যা
নজনা হলে তেওঁৰ যি গতি হলহেঁতেন, তাক অনায়াসে বুজিব পাৰি। এতেকে হাতৰ বিদ্যা যে মানুহৰ বৰ প্ৰয়োজনীয়, তাত সংশয় নাই।
⸻