পৃষ্ঠা:পাঠ-মালা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। বেহাৰ দ্বাৰা বিদেশত হোৱা অনেক বস্তু আমি পাওঁহঁ ক তদ্দ্বাৰাও আমাৰ সুখ বাঢ়ে। বাণিজ্যৰ অভাৱ হোৱা হলে সেই বিলাক বস্তু পাব নোৱাৰাত আমি সেই পৰিমাণে সুখৰ- পৰা বঞ্চিত হলোহঁকহেঁতেন। বিশেষ এজনে অর্জ্জ। বস্তু আন এজনে পাবৰ ঘাই উপায় ধন ; এতেকে ধন নহলে মানুহ বৰ বিপদত পৰে ৷ বাণিজ্যৰ দ্বাৰা সেই ধনৰো বৃদ্ধি হৈ মানুহ সুখীয়া হয় ৷ আমাৰ নীতি শাস্ত্ৰে কয় যে, ( বাণিজ্যে বসতি এতেকে জন-সমাজৰ লক্ষ্মীঃ ) বেপাৰতে লক্ষ্মীৰ নিবাস। উন্নতি আৰু সুখ-বৃদ্ধিয়ে ঘাইকৈ বাণিজ্যত আশ্রয় কৰে। দেশত যি পৰিমাণে বেপাৰ চলে, সেই দেশৰ মানুহে সেই পৰিমাণে সুখীয়া হয়। আসামৰ মানুহে আন সভাদেশৰ মানুহৰ দৰে বেপাৰৰ মোল নেজানে; এই ব ৰণে ইয়াৰ মানুহবিলাক নিৰ্ধনী। যেতিয়ালৈকে তেওঁবিলা বেপাৰত নিযুক্ত নহয়, তেতিয়ালৈকে দেশৰ উন্নতি হবৰ উপ য় নোলায় । যি 2 ৩২ ৬ পাঠ। কৃষি বাণিজ্য আৰু অন্যান্য ব্যৱসায় (সমাপ্ত) (Agriculture, Trade and other occupations.) খেতি আৰু বেহাৰ বাজে আইনৰ ব্যৱস্থা দিয়া, চিকিৎসা- কৰা, কপোৰ-বোৱা, পাচি-খৰাহি-সজ৷, সূতাৰ, কঁহাৰ, সোণৰি, বাঢ়ৈ বা আন শিল্পীৰ কাৰ্য্যকৰা আদি অনেক স্বাধীন ব্যৱসায় আছে। সেইবিলাকৰ পৰা সুসভ্য দেশবিলাকত ৰহু লোকে জীৱিক৷ কৰে আৰু সুখে-স্বচ্ছন্দে থাকে। প্রত্যেক মানুহে