কৃতকাৰ্য্য মানে। যেতিয়ালৈকে আমাৰ দেশৰ মানুহৰ এই ভ্ৰম নগুচে, তেতিয়ালৈকে এই দেশৰ কুশল নহয়।
ওপৰত দেখুওৱ৷ হৈছে যে কৃষিৰ দ্বাৰা মানুহৰ জীৱন ৰাখিবৰ উপায় অন্ন আৰু বস্ত্ৰৰ উৎপত্তি হয়; কিন্তু বাণিজ্য নহলে এজনে উৎপন্ন কৰা অন্ন বা অস্ত্ৰ আন এজনে নেপায় আৰু সেই কথা সহজেই বুজিব পাৰি যে, পৃথিবীৰ প্ৰত্যেক মানুহ খেতিত নিযুক্ত হব নোৱাৰে; আৰু সকলো মানুহ খেতিত আবদ্ধ হৈ থাকিলে সমাজৰ হিতৰ নিমিত্তে আন আন যি বিলাক কাৰ্য্যৰ আৱশ্যক, সেইবিলাক কৰোঁতা নথকাৰ গুণে মানুহবিলাকৰ সুখ-শান্তি নহয়। ৰাজ্যৰ শাসন,বিদ্যাশিক্ষা আৰু শিল্প কৰ্ম্ম আদিত নিমুক্ত থকা মানুহ-বিলাকৰ খেতি কৰিবলৈ আজৰি নাই; এতেকে বাণিজ্যৰ অভাৱ হোৱা হলে তেওঁবিলাক ভাত কাপোৰৰ দুখত পৰি নিজ নিজ কাৰ্য্য চলাব নোৱৰাৰ কাৰণে সমাজৰ বৰ অনিষ্ট হলহেঁতেন আৰু এঠাইত উৎপন্ন খেতিৰ বস্তুবিলাক উৎপন্ন হোৱা ঠাইতে দৌলায়মান হৈ থাকি আন ঠাইৰ মানুহৰ অপ্ৰাপ্য হোৱাত যত মাটি-পানী-আদিৰ অৱস্থাব প্ৰভেদৰ কাৰণে যি শস্যৰ উৎপত্তি নহয়, সেই ঠাইৰ মানুহে তাৰ ভোগৰপৰা বঞ্চিত আৰু সেই শস্য অৰ্জ্জা মানুহবিলাকে তাৰ অতিৰিক্ত ভাগ বেচি ধন উপাৰ্জ্জন কৰিব নোৱৰা হলহেঁতেন। যদিও খেতি অতি উত্তম কাৰ্য্য, তথাপি তাৰপৰা উৎপন্ন বস্তুৱে আমাৰ সকলো অভাৱ পুৰ কৰিব নোৱাৰে; আমাৰ সুখ বৃদ্ধিৰ কাৰণে আৰু অনেক বস্তু লাগে। বাণিজ্য নথকা হলে যি লোকে সেইবিলাক আপুনি যুগুত কৰিব নোৱাৰে, তেওঁ অৱশ্যে কষ্ট পালেহেঁতেন।