পৃষ্ঠা:পাঠ-মালা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । কপাহৰপৰা হয়, কপাহো খেতিৰ বস্তু। যি খেতিৰপৰা মানুহৰ অন্ন-বস্ত্ৰৰ উৎপত্তি হয় আৰু যাৰ অভাৱত এই দুই ঘাই বস্তুৰ অভাৱ হৈ মানুহৰ প্ৰাণৰক্ষা টান হয়, সি নো কিমান প্রধান কাৰ্য্য, তাক কৈ ওৰ পেলাব নোৱাৰি ৷ আমি দেখিছোঁ, কোনো ঠাইত দৈবাৎ একে লীলায়ে দুবছৰ খেতি নহলে তাত আকাল হৈ হেজাৰ হেজাৰ প্ৰাণী যমৰ ঘৰলৈ যায় ; এতেকে খেতিয়েই মানুহৰ জীৱন ৰক্ষাৰ ঘাই উপায়। পৰ্ববতৰ সমান সোণ থাকিলেও অন্ন নহলে মানুহৰ প্ৰাণ নৰয় । যদি পৃথিবীৰ সকলে মানুহে খেতি কৰিবলৈ এৰে, তেন্তে অন্নৰ অভাৱত একেদিনায় পৃথিবী নিৰ্জ্জন হব! খেতিয়ে মানুহৰ প্ৰাণ ৰাখে ; অকল সেয়ে নহয়, মানুহক সভ্যও কৰে৷ যেতিয়া মানুহে খেতি কৰিব নেজানি- ছিল তেতিয়া তেওঁ কেঁচা মঙ্গহ আৰু আপুনি হোৱা ফল-মূল মাথোন খাই আৰু পহুৰ ছালেৰে গা ঢাকি বনৰীয়া জন্তুৰ দৰে হাবিত বস কৰিছিল৷ পাচত খেতি কৰি অন্ন উপাৰ্জন কৰিবলৈ শিকিবৰপৰ৷ হে সভ্যতাই মানুহৰ লগ ললে; আৰু খেতিৰ উন্নতিৰ লগেলগে সভ্যতাও বাঢ়ি আহিল ; এতেকে খেতিয়েই মানুৰ ঘাই কাৰ্য্য । সেই খেতিলৈ আওহেল৷ বা তাক হীন কাম বুলি ঘিণ কৰা মূৰ্খতাৰ চিন। আমাৰ দেশৰ মানুহৰ কেনে দুর্ববুদ্ধি ! যি লোকে চাকৰি নকৰাকৈ গাৱঁত খেতি কৰি খাই থাকে, অনেক মানুহে তেওঁক কাছাৰীত এটা ক্ষুদ্র কাম-কৰা মানুহৰ সমানে৷ আদব নকৰে । এতেকে সকলোৱেই খেতিক ঘিণ কৰি টকাচেৰেক ৰূপৰ কাৰণে আপোনাৰ স্বাধীনতাকে বিকিবলৈ ওলায়, আৰু তাকে কৰিব পাৰিলে আপোনাক Co