পৃষ্ঠা:পাঠ-মালা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । আৱশ্যকীয়, আৰু যি লোকে সেই দুই বস্তু উৎপন্ন কৰিবলৈ পৰিশ্ৰম কৰে, তেওঁ সমাজৰ বৰ উপকাৰী আৰু প্ৰয়োজনীয় অঙ্গ। এতেকে নাঙ্গলৰ খুটিত ধৰি যি খেতি কৰে, তেওঁ লাখ- পতি বৰ লোকতকৈ অধিক আদৰৰ যোগ্য, আৰু সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ। পৰিশ্ৰমৰপৰা আমাক লগা বস্তুবিলাক উৎপন্ন হয়, অকল সেয়ে নহয় তাৰ দ্বাৰা শৰীৰ সঞ্চালিত হৈ দৃঢ় আৰু বলিষ্ঠ হয়, মনে৷ প্রফুল্ল থাকে। ঘৰৰ ভিতৰত বৰ গাঁৰুত আঁউজি বহি থকা বৰ লোকৰ গাটোৱেই মহা ভাৰ, আৰু তেনে লোকে দুট৷ মান খোজ কাঢ়িলেই ঘামি ফেঁাঁপাই বিতত হয়, আৰু সদায় গা বেয়া বুলি কয় ; কিন্তু হালকোৰ বাই ফুৰা চহাৰ গা আটিল, লঘু আৰু নিৰোগী। এই কাৰণে অন্ন-বস্ত্ৰৰ উপাৰ্জ্জন কৰিবৰ নিমিত্তে পৰিশ্ৰম কৰা, আন কি ? নাঙ্গলৰ খুটিত ধৰাও, একো লাজৰ বা নিন্দাৰ কথা নহয়, বৰং স্বাধীনতাক জলাঞ্জলি দি লোকৰ চাকৰ হৈ জীৱিকা কৰাতকৈ এশ গুণে উত্তম আৰু প্ৰশংসনীয় । ৫ পাঠ। কৃষি, বাণিজ্য আৰু অন্যান্য ব্যৱসায় (Agriculture, Trade and other Occupations.) २ মানুহৰ জীৱন ৰাখিবৰ উপায় আহাৰ ৷ খেতিৰ দ্বাৰা সেই আহাৰ উৎপন্ন হয়। শৰীৰ ৰক্ষাৰ নিমিত্তে আহাৰ যেনে, কাপোৰে৷ তেনে প্রয়োজনীয়। সেই কাপোৰ ঘাইকে