পৃষ্ঠা:পাঠ-মালা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । বস্তুবিলাক পৰিশ্ৰম দ্বাৰা উৎপন্ন কৰিব লগীয়া নহৈ অন্যান্য জন্তুৰ দৰে অনায়াসে পাব পৰা হোৱা-হলে তেওঁৰ বুদ্ধি ইমান চোকা নহলহেঁতেন ; এতেকে পৰিশ্ৰমেই মানুহক ইতৰ জন্তুতকৈ শ্রেষ্ঠ কৰিছে। এনে পৰিশ্ৰমক দুঃদায়ক বা ঘৃণাৰ বিষয় বুলি ভবা বৰ ভ্ৰমৰ কথা৷ যি পৰিশ্ৰমৰ দ্বাৰ৷ আমাৰ জীৱনৰ উপায় ভাত-কাপোৰ অৰ্জ্জ৷ যায়, আৰু যাৰ অভাৱত আমি মনুষ্য হৈ থাকিব—আন কি?— জীৱনকে ৰাখিব নোৱাৰোহঁক, সেই পৰিশ্ৰমলৈ ঘিণ কৰাতকৈ, আৰু যিবোৰ মানুহে আমাৰ প্ৰাণ- ৰক্ষাৰ নিমিত্তে অন্ন-বস্ত্ৰ আৰ্জিবলৈ পৰিশ্ৰম কৰে, সেই বিলাকক তুচ্ছ ভবাতকৈ আৰু ডাঙ্গৰ ভ্ৰম কি আছে ? স্বৰূপাৰ্থত গোটেই এলেহুৱা, অকামিলা আৰু অসাঠন কিছুমান মানুহত বাজে প্রায় সকলোৰে কোনো এক প্ৰকাৰৰ পৰিশ্ৰম কৰে। খেতিয়কে খেতি কৰি সকলোকে আহাৰ যোগাইছে, তাঁতিয়ে কাপোৰ বৈ মানুহৰ শৰীৰ ঢাকিছে, আন শিল্পকাৰকে আমাৰ প্ৰয়োজনীয় নানাবিধৰ শিল্প কৰ্ম্ম কৰি আমাৰ অভাৱ গুচাইছে ; আৰু সুখ বঢ়াইছে, গ্রন্থকৰ্ত্তাই আপোনাৰ মস্তিষ্ক ঘাঁটি অনেক প্ৰকাৰৰ জ্ঞানৰ বা আমোদৰ পুথি লিখি আমাৰ জ্ঞান বদ্ধিত কৰিছে, আৰু আমাক আনন্দ দিছে; ৰজাই আৰু তেওঁৰ বিষয়াবিলাক দুষ্টৰ দমন, শিষ্টৰ পালন কৰি ৰাজ্য সুথিল কৈ ৰাখিছে৷ এই বিলাকৰ ভিতৰত এজনে পৰিশ্ৰম কৰিবলৈ হেলা কৰা হলেও পৃথিবীৰ এনে উন্নত অৱস্থা হওক ছাৰি, মানুহৰ মহ| কষ্ট হলহেঁতেন । কিন্তু যি পৰিশ্ৰমৰ দ্বাৰা জীৱনৰ উপায় অন্ন-বস্ত্র উৎপন্ন হয়, সি সকলোতকৈ শ্ৰেষ্ঠ আৰু ২৮