পৃষ্ঠা:পাঠ-মালা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । আমি তাৰ দুখ বুজি দয়া নকৰিলে তাৰ উপায় নাই ; তাৰ যে মানুহৰ সমান জ্ঞান আৰু পষ্ট মাতেৰে নিজ-দুখ জনাবৰ শক্তি নাই, এই বাৰেই আমি আৰু অধিকৰূপে তাৰ প্ৰতি সদয় হোৱা উচিত, কিয়নো তেনে শক্তি থকা হলে সি আমাৰ সমান হলহঁতেনে সেই শক্তি নথকা হেতু সি আমাতকৈ নিকৃষ্ট, আৰু যি আমাতকৈ নিকৃষ্ট, সি আমাৰ সমনীয়াতকৈ অধিক দয়াৰ পাত্ৰ । এতেকে তুমি কোনো জন্তুৰ প্ৰতি নিষ্ঠুৰ আচৰণ নকৰিবা, কিন্তু সকলোৰে দুখত পুতৌ কৰিবা । ৪ পাঠ। পৰিশ্ৰমৰ সুগুণ (Good effects of diligence. ) २१ মানুহে চৰাই-পহু আদি সামান্য জন্তুৰ দৰে অনায়াসে আহাৰ নেপায় আৰু তেওঁৰ গাৰ আচ্ছাদন স্বভাৱ জাত নহয় ; এতেকে জীৱন ৰাখিবৰ কাৰণে অত্যন্ত প্রয়োজনীয় অন্ন আৰু বস্ত্ৰ, দুইকে৷ পৰিশ্ৰমৰ দ্বাৰা উৎপন্ন কৰিব লাগে। এই কথাত ইতৰ প্রাণীতকৈ মানুহৰ অৱস্থা নিকৃষ্ট। কিন্তু মানুহে অভ্যাস আৰু যত্নৰ দ্বাৰা বৰ্দ্ধিত হোৱা যি মন বুদ্ধি পাইছে, তাৰ দ্বাৰায় তেওঁৰ সকলো অভাৱ দূৰ হয়। অন্ন-বস্ত্ৰাদি আৱশ্যকীয় বস্তুৰ উপাৰ্জনৰ নিমিত্তে যত্ন কৰোঁতেই মন বুদ্ধি পৰিচালিত আৰু তীক্ষ্ণ হৈ মানুহ সকলো জন্তুতকৈ শ্ৰেষ্ঠ হৈছে, আৰু ইন্দ্ৰিয়বিলাকক বশ কৰি সিহঁতৰ দ্বাৰা আপোনাৰ কাম কৰাই লৈছে ৷ মানুহৰ লগতিয়াল