পৃষ্ঠা:পাঠ-মালা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। আৰু আতুৰ, এনেবিলাক মানুহৰ প্রতি দয়া কৰা, আৰু সাধ্য অনুসৰি সিবিলাকৰ সহায় হোৱা সকলোৰে উচিত। তেনে কোনো অৱস্থাত পৰিলে তুমি লোকৰপৰা সহায়তা নিবিচাৰিবানে ? তেন্তে এতিয়া তুমি তেনেবিলাক মানুহৰ প্রতি মন কোমল কৰ৷ আৰু সিবিলাকৰ দুখ উপশম কৰিবৰ নিমিত্তে দয়া-মোনাৰ মূৰ মেলা । তোমাৰ পৰিয়াল আৰু আশ্রিত লোকৰ প্ৰতিও সদয় হোৱা আৰু সিবিলাকক পোহপাল দি সুখেৰে ৰখা উচিত ; কিয়নো সিবিলাকৰ তোমাতে সর্বব ভাৰসা, তুমি সিবিলাকক পুতৌ নকৰিলে কোনে কৰিব ? এতেকে সিবিলাকৰ প্রতিও সদয় হবা। মানুহৰ কথাকে নকওঁ, ইতৰ জন্তুৰ প্ৰতিও সদয় ব্যৱহাৰ কৰিব লাগে ৷ মানুহৰ দৰে সিহঁতৰো সুখ-দুখ বুজিবৰ শক্তি আছে, আৰু সিহঁতে সুখ-দুখ প্ৰকাশ কৰিবও পাৰে। লৰাই চৰাইৰ ঠেঙ্গত জৰী লগাই টানিলে সি যে চেঁ-চেঁ কৰি আটাহ পাৰে, তাৰ দ্বাৰা সি কি বুজায়? সি যে লৰাৰ সেই কাৰ্য্যৰ দ্বাৰ৷ দুখ পাইছে, তাকে মাথোন কৈ তাক এৰি দিবলৈ কাকূতি কৰে৷ তেনে অৱস্থাত পৰিলে লৰা বা ডাঙ্গৰ মানুহেও কাকূতি কৰে, কিন্তু সি মানুহৰ দৰে পষ্ট মাতেৰে সেই কথা ব্যক্ত কৰিব নোৱাৰে, এই মাত্ৰ প্ৰভেদ। সেই দৰেই আন কোনো জন্তুকে৷ আমি দুখ দিলে বা সি আহাৰ নেপালে নিজ মাতেৰে তাৰ দুখ আমাক জনায়, তেতিয়া আমি তাৰ প্ৰতি আওকাণ নকৰি তাৰ দুখ গুচাব, বা তাক আহাৰ দিব লাগে ; কিয়নো আমি তাতকৈ জ্ঞানী আৰু সি আমাৰ অধীন ; এতেকে ২৬