হীন-ডেঢ়ি হয়, এই মাত্ৰ প্ৰভেদ; এতেকে যি যেনে অৱস্থাৰ মানুহ তেওঁক তেনে অৱস্থাৰ উপযুক্ত সম্বোধন কৰি মতাটো ভদ্ৰতা আৰু সুশিক্ষাৰ চিন; কিন্তু হুঁটামাত যাৰ প্ৰতি প্ৰয়োগ কৰা যায়, সেই মাতে তেওঁৰ অসন্তোষ
জন্মাইয়ে নেথাকে, যি সেই মাত ব্যৱহাৰ কৰে তেওঁৰো নীচতা আৰু শিক্ষাৰ অভাৱ দেখায়। লোকে আমাক টেঙ্গা কথা কলে আমি ভাল পাওঁ নে? তেন্তে লোকে নো তেনে মাত কিয় ভাল পাব? এতেকে সকলোকে মিঠা মুখেৰে মতা উচিত।
লোকৰ দুখ দেখি মন কোমল হোৱাৰ নাম দয়া। এই দয়া মানুহৰ মনৰ এটি কোমল আৰু মধুৰ ভাব। সি মানুহক দেৱতাৰ তুল্য কৰে, আৰু তাৰ অভাৱত মানুহ পিশাচৰ সদৃশ হয়। যাৰ দয়া নাই, তাৰ মন শিল বা কাঠৰ দৰে টান, আৰু যাৰ হৃদয়ে কাঠ, সি ‘মানুহ’ এই নামৰে অযোগ্য।
দয়াই তাক পাওঁতা আৰু দিওঁতা দুইকো ধন্য কৰে, কিন্তু তাৰ বিপৰীত নিষ্ঠুৰতাই তাক পাওঁতাক ক্লেশ দিয়ে, আৰু দিওঁতাকো সকলোৰে গৰিহণাৰ পাত্ৰ কৰে। দয়ালু লোকৰ সকলো বন্ধু, নিষ্ঠুৰ মানুহক তাৰ পুত্ৰ-ভাৰ্য্যায়ো ভাল নেপায়। যি আনৰ প্ৰতি দয়া কৰে, সি দয়া পায়, কিন্তু নিষ্ঠুৰ মানুহ
টানত পৰিলে তাক পুতৌ কৰোঁতা কেও নাই, এতেকে সকলোৰে প্ৰতি সদয় ব্যৱহাৰ কৰা উচিত। লোকে তোমাৰ প্ৰতি যেনে ব্যৱহাৰ কৰিলে তুমি ভাল পোৱাঁ, তুমিও লোকৰ প্ৰতি তেনে ব্যৱহাৰ কৰিব লাগে, ঘাইকৈ কণা, খোৰা, অসহায়
পৃষ্ঠা:পাঠ-মালা.pdf/৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
পাঠ-মালা