পৃষ্ঠা:পাঠ-মালা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । হীন-ডেঢ়ি হয়, এই মাত্র প্রভেদ ; এতেকে যি যেনে অৱস্থাৰ মানুহ তেওঁক তেনে অৱস্থাৰ উপযুক্ত সম্বোধন কৰি মতাটো ভদ্রতা আৰু সুশিক্ষাৰ চিন; কিন্তু হুঁটামাত যাৰ প্ৰতি প্ৰয়োগ কৰা যায়, সেই মাতে তেওঁৰ অসন্তোষ জন্মাইয়ে নেথাকে, যি সেই মাত ব্যৱহাৰ কৰে তেওঁৰে৷ নীচত৷ আৰু শিক্ষাৰ অভাৱ দেখায় । লোকে আমাক টেঙ্গা কথা কলে আমি ভাল পাওঁ নে? লোকে নো তেনে মাত কিয় ভাল পাব? এতেকে সকলোকে মিঠা মুখেৰে মতা উচিত। লোকৰ দুখ দেখি মন কোমল হোৱাৰ নাম দয়া। এই দয়া মানুহৰ মনৰ এটি কোমল আৰু মধুৰ ভাব। সি মানুহক দেৱতাৰ তুল্য কৰে, আৰু তাৰ অভাৱত মানুহ পিশাচৰ সদৃশ হয় । যাৰ দয়া নাই, তাৰ মন শিল বা কাঠৰ দৰে টান, আৰু যাৰ হৃদয়ে কাঠ, সি ‘মানুহ’ এই নামৰে অযোগ্য। দয়াই তাক পাওঁতা আৰু দিওঁত৷ দুইকো ধন্য কৰে, কিন্তু তাৰ বিপৰীত নিষ্ঠুৰতাই তাক পাওঁতাক ক্লেশ দিয়ে, আৰু দিওঁতাকে৷ সকলোৰে গৰিহণাৰ পাত্ৰ কৰে। দয়ালু লোকৰ সকলো বন্ধু, নিষ্ঠুৰ মানুহক তাৰ পুত্ৰ-ভাৰ্য্যায়ে৷ ভাল নেপায়। যি আনৰ প্রতি দয়া কৰে, সি দয়া পায়, কিন্তু নিষ্ঠুব মানুহ টানত পৰিলে তাক পুতৌ কৰোঁতা কেও নাই, এতেকে সকলোৰে প্ৰতি সদয় ব্যৱহাৰ কৰা উচিত । লোকে তোম৷ৰ প্রতি যেনে ব্যৱহাৰ কৰিলে তুমি ভাল পোৱঁ৷, তুমিও লোকৰ প্ৰতি তেনে ব্যৱহাৰ কৰিব লাগে, ঘাইকৈ কণা, খোৰা, অসহায়