পৃষ্ঠা:পাঠ-মালা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। মলি ওলাব লাগিছে, আৰু বাহিৰৰ ধূলি, মাটি পৰিও গাত মলি বন্ধ যায় ; এতেকে নিতৌ অতি কমেও এবাৰ মুখ আদি শৰীৰৰ সকলে৷ ভাগ ধুই পৰিষ্কাৰ কৰিব লাগে। কিন্তু গা ধোৱাৰ পাচত মলিন কাপোৰ পিন্ধিব, বা জেগেল| ঠাইত থাকিব লাগিলে গা ধুই নিকা হোৱাৰ একো সকাম নাই। এতেকে সেইবিলাকো যেন মলি নথকা হয়, তালৈ যতন কৰিব লাগে। সেয়ে হলেই মন, গা দুয়ো ভাল থাকে ৷ মলিন মানুহ সমাজৰ অযোগ্য আৰু তেওঁক সকলোৱে ঘিণায় ৷ এতেকে কোনো এজন জ্ঞানী লোকে কৈছে— “নিৰ্ম্মলতাই ঈশ্বৰ-পৰায়ণতা।” ২৪ ৩ পাঠ। মিঠ৷ মাত আৰু সদয় ব্যৱহাৰ (Sweet words and good behaviour. ) সকলোকে মিঠা মুখেৰে মাতিব লাগে। কর্কশ মাত কেৱে ভাল নেপায় ; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ, কি সমনীয়া মানুহৰ কথাকে নকওঁ, আমাতকৈ নিহ মানুহকো সাদৰেৰে কথা কোৱাত একো হানি নহয়, বৰং তাৰ বাবে আমি প্রশংসা হে পাওঁহঁক। কিন্তু বৰ ডাঙ্গৰ লোকৰে৷ আনক কটুকথা কোৱ৷ অভ্যাস হলে তেওঁ আটাইৰে অপ্রিয় হয়। সকলে৷ মানুহ একে জাতিৰ জীৱ, কেৱল কোনো বিশেষ কাৰণৰ নিমিত্তে অৱস্থাৰ