পৃষ্ঠা:পাঠ-মালা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ পাঠ। নৰ্ম্মলত| (Cleanliness. ) নিৰ্ম্মল, সেয়ে শুদ্ধ ৷ নির্ম্মল শব্দে মল ন-থকা বুজায়, ‘শুদ্ধ’ শব্দৰ অৰ্থ বেয়া বস্তুৰে মিহলি নোহোৱা ; এতেকে ইয়াৰে৷ সেয়ে অৰ্থ, এই কাৰণে শুদ্ধ বা শুচি হব লাগিলে নিৰ্ম্মল হব লাগে। যি বস্তু মলিন, সি অশুচি, আমি যদি সাত কলহো নিজনী পানী মূৰত ঢালি কাকে৷ নোছোৱাকৈ ঘৰৰ ভিতৰত সোমাই থাকেঁ৷, আমাৰ গা মলিন থাকে, আমি শুচি নহওঁ । আৰু অকল গাটো নিৰ্ম্মল হলেই সকলে৷ হল, এনে নহয় ; আমাৰ কাপোৰ, আসন, লোটা, বাটি, শয্যা আৰু ব্যৱহাৰ কৰা আন সকলে৷ বস্তু নিকা হব লাগে ; কিয়নো৷ মলিন বস্তু মাত্রেই অপবিত্র । আমাৰ ঘৰ-চোঁতাল ছাই, জাবৰ আৰু গোবৰেৰে পূৰ হলে আন- বিলাক বস্তু নিৰ্ম্মল আৰু পৰিস্কৃত হলেও কোন ফল নহয়। এতেকে আমাৰ গা আৰু কাপোৰ আদিৰ দৰে চোঁতাল-ঘৰকো নিকাকৈ ৰাখিব লাগে। নিৰ্ম্মল হলে পবিত্র হোৱা যায়, অকল সেয়ে নহয়; নিৰ্ম্মলতাৰপৰা আমাৰ মন প্রফুল্ল হয়, আৰু গা ভাল থাকে। আমাৰ গা, কাপোৰ, ঘৰ-চোঁতাল আদি মলিন হলে সেই বিলাকৰ পৰা দুৰ্গন্ধ ওলাই মন সঙ্কুচিত কৰে, আৰু গাতো ৰোগ জন্মে। মলেই ৰোগৰ আকৰ ৷ আমাৰ গাৰ ভিতৰৰপৰা নাক, মুখ, কাণ আৰু নোমৰ গুৰিয়ে দি প্ৰতি-উশাহতে কিছুমান দূষিত বস্তু অর্থাৎ 1