পৃষ্ঠা:পাঠ-মালা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ধাৰ শুজিব পাৰে ৷ এতেকে তুমি তোমাৰ শিক্ষকৰ প্ৰতি মান-সৎকাৰ কৰিবা, আৰু তেওঁৰ বশ হবা। 22 দেশৰ অধিকাৰসকল দুষ্টৰ দমন, আৰু শিষ্টৰ পালন কৰোঁতা। যি দেশৰ অধিকাৰ নাই, শাসনকৰ্ত্তা নাই, সেই দেশ অৰাজক, আৰু ধুমূহাবতাহত গুৰিয়াল-নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলো মানুহে ‘স্বপ্ৰধান’ হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে । এই কাৰন নিজ বলেৰে নোৱাৰিলে মানুহৰ ধন-প্ৰাণৰ ৰক্ষাই টান হয়, আৰু কাৰে৷ সুখশান্তিও নেথাকে। কিন্তু দেশৰ অধিকাৰে দুষ্টক দমি সম্ভক পালন কৰা হেতু কেও কাৰো প্রতি অন্যায় কৰিব নোৱাৰে আৰু দেশত শান্তি প্ৰৱণ হয় । এতেকে যিসকলৰ ভয়ত চোৰ ডকাইত আৰু আন দুষ্ট মানুহবিলাক শঙ্কিত হৈ থকাৰ কাৰণে আমাৰ ধন, প্ৰাণ, আৰু মান ৰক্ষা পৰিছে, আৰু আমি নিৰ্ভয় মনেৰে আছোঁহঁক সেই শাসন-কৰ্ত্তাসকল আমাৰ অৱশ্যে মান্য, আমি তেওঁলোকৰ শলাগ লব আৰু সিবিলাকক সম্মান কৰিব লাগে । যি লোক তোমাতকৈ কোনো কথাত শ্রেষ্ঠ, তেৱেঁই তোমাৰ মান্য ; বুঢ়া মানুহবিলাক তোমাতকৈ বয়সে শ্রেষ্ঠ, তেওঁৱিলাকৰ কোনো জন তোমাৰ জ্যেষ্ঠ ভ্রাতৃৰ, কোনে৷ জন মাতৃৰ, কোনো জন বা পিতৃৰ বয়সীয়া আৰু কোনো জন তোমাতকৈ বহুদর্শী, এতেকে তুমি তেওঁবিলাকৰ প্ৰতি সমুচিত সন্মান কৰিব লাগে ; আৰু সিবিলাক, নিঃকিন হলেও উপালন্তৰ যোগ্য নহয় ৷