ধাৰ শুজিব পাৰে। এতেকে তুমি তোমাৰ শিক্ষকৰ প্ৰতি মান-সৎকাৰ কৰিবা, আৰু তেওঁৰ বশ হবা।
দেশৰ অধিকাৰসকল দুষ্টৰ দমন, আৰু শিষ্টৰ পালন কৰোঁতা। যি দেশৰ অধিকাৰ নাই, শাসনকৰ্ত্তা নাই, সেই দেশ অৰাজক, আৰু ধুমূহাবতাহত গুৰিয়াল-নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলো মানুহে ‘স্বপ্ৰধান’ হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। এই কাৰন নিজ বলেৰে নোৱাৰিলে মানুহৰ ধন-প্ৰাণৰ ৰক্ষাই টান হয়, আৰু কাৰো সুখশান্তিও নেথাকে। কিন্তু দেশৰ অধিকাৰে দুষ্টক দমি সন্তক পালন কৰা হেতু কেও কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে আৰু দেশত শান্তি প্ৰৱল হয়। এতেকে যিসকলৰ ভয়ত চোৰ ডকাইত আৰু আন দুষ্ট মানুহবিলাক শঙ্কিত হৈ থকাৰ কাৰণে আমাৰ ধন, প্ৰাণ, আৰু মান ৰক্ষা পৰিছে, আৰু আমি নিৰ্ভয় মনেৰে
আছোঁহঁক সেই শাসন-কৰ্ত্তাসকল আমাৰ অৱশ্যে মান্য, আমি তেওঁলোকৰ শলাগ লব আৰু সিবিলাকক সম্মান কৰিব লাগে।
যি লোক তোমাতকৈ কোনো কথাত শ্ৰেষ্ঠ, তেৱেঁই তোমাৰ মান্য; বুঢ়া মানুহবিলাক তোমাতকৈ বয়সে শ্ৰেষ্ঠ, তেওঁৱিলাকৰ কোনো জন তোমাৰ জ্যেষ্ঠ ভ্ৰাতৃৰ, কোনো জন মাতৃৰ, কোনো জন বা পিতৃৰ বয়সীয়া আৰু কোনো জন
তোমাতকৈ বহুদৰ্শী, এতেকে তুমি তেওঁবিলাকৰ প্ৰতি সমুচিত সন্মান কৰিব লাগে; আৰু সিবিলাক, নিঃকিন হলেও উপালম্ভৰ যোগ্য নহয়।
⸻