সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
পাঠ-মালা।

আমি নেখালে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল; আমি গাত দুখ পালে বা নৰিয়া পৰিলে শোকত বিহ্বল হৈ তেওঁবিলাকে আমাৰ আৰোগ্যৰ নিমিত্তে যত্ন কৰিছিল; আন কি? আমাৰ কুশলৰ কাৰণে প্ৰাণকো উচৰ্গিছিল। আমি অলপ ডাঙ্গৰ হলত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল লোক কৰিবৰ নিমিত্তে পাৰে মানে যত্ন কৰিছিল, আৰু এতিয়াও আমি ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নেথাকে; কিন্তু আমাৰ দুৰ্যশ বা দুৰ্ভাগ্যৰ কথা শুনিলে মুখ মলিন, আৰু চক্ষু লোতকেৰে পূৰ হয়। সেই পিতৃমাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনো আমাৰ অধিক মান্য নহয়। এতেকে আমি সদাই তেওঁলোকৰ আজ্ঞা মানিব আৰু সিবিলাকক সম্মান কৰিব পাওঁহঁক। আৰু তেওঁবিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাৰে শুশ্ৰূষা কৰা আৰু পোহ-পাল দি তেওঁবিলাকক সুখেৰে ৰখাও আমাৰ কৰ্ত্তব্য।
 কণা মানুহক যি জনে চকু দিয়ে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই। সেইৰূপে শিক্ষকেও ছাতৰক চকু দিয়ে। ছাতৰে চকু থাকোঁতেও যি বস্তু নেদেখি আৰু যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে, অধ্যাপকৰ অনুগ্ৰহত চক্ষু মুকলি হৈ তাক দেখিব আৰু বুজিব পৰা হয়। এনে অধ্যাপকৰ প্ৰতি যি সম্মান নকৰে, তাৰ সমান অশলাগী মানুহ নাই। আমাৰ শাস্ত্ৰত লিখা আছে যে, এটি মাথোন আখৰ ছাতৰক শিকায়, তেওঁ পৃথিৱীত এনে বস্তু নাই; যাক দি ছাতৰে সেই শিক্ষকৰ