পৃষ্ঠা:পাঠ-মালা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ আধ্যা। ১ পাঠ। সম্মান (Respect ) ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সম্মানৰ পাত্ৰ ৷ যি আদি কাৰণৰ পৰ৷ এই পৰিদৃশ্যমান জগতৰ উৎপত্তি হৈছে সেই কাৰণৰ নামেই ঈশ্বৰ। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ আদি নাই ; সকলোৰে অন্ত আছে, তেওঁৰ অন্ত নাই। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰে৷ বিধাতা, ৰজাৰে৷ ৰজা আৰু সকলোৰে সৃষ্টি আৰু পালন কৰ্ত্তা ; এতেকে তেওঁক শ্ৰদ্ধ৷ আৰু ভক্তি কৰা সকলোৰে উচিত। পৃথিৱীত মানুহৰ যত মান্য লোক আছে, তেওঁ সেই সকলোবিলাকতকৈ অধিক মান্য। সকলে৷ দেশৰ, সকলো জাতিৰ, সকলে৷ ধৰ্ম্মৰ জ্ঞানী লোকবিলাকে তেওঁত বিশ্বাস আৰু ভক্তি কৰে, আৰু যাৰ তেওঁত শ্ৰদ্ধা ভক্তি নাই, তাক নাস্তিক বুলি ঘিণায় ; এতেকে তোমাৰ সমুদায় মন বুদ্ধি আৰু শক্তিৰে তেওঁত শ্ৰদ্ধা আৰু ভক্তি কৰিবা । ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয় ; তেওঁবিলাকেই আমাক জন্ম দিছে, আৰু তেওঁলোকৰপৰাই আমি এই বিচিত্র সংসাৰ দেখিবলৈ পাইছোহঁক। আমি যেতিয়া কেঁচুৱা আছিলোঁ, আমাৰ উঠি লৰি ফুৰিবৰ শক্তি নাছিল, তেতিয়া তেওঁ- বিলাকে কত দুখ সহি, কোলাত লৈ আমাক তুলিছিল ;