পৃষ্ঠা:পাঠ-মালা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ মালা। জিকিও অঙ্গীকৃত পুৰস্কাৰ নিদিয়াত শিক্ষকে গোচৰ কৰিলে ; তাতে সেই ডেকা উকীল উপস্থিত হৈ এই উত্তৰ দিলে যে, তেওঁ সেইরূপে নিয়ম বান্ধি বিদ্যা শিকা সঁচা; কিন্তু সেই নিয়ম মতে কোনো প্রকাৰেই গোচৰত টকাৰ বাবে দায়ী নহয়। কিয়নো, বাদী যদি গোচৰত জিকে, তেন্তে তেওঁ হাৰিব ; কিন্তু পূর্বেব তেওঁ জিকিলেহে ধন দিবৰ প্ৰতিজ্ঞা কৰিছিল ; এতেকে গুচৰীয়াই তেওঁৰ পৰ৷ একো নেপায় ; আৰু যদি তেওঁহে জিকে, তেনেহলে গুচৰীয়৷ হাৰিব, সুতৰাং গোচৰৰ টকা পাবৰ তেওঁৰ একে৷ অধিকাৰেই নাই ; কাৰণ জিকা পক্ষৰ পৰা হৰা পক্ষে ধন পোৱাটে৷ প্ৰচলিত বিধি আৰু ৰীতি বিৰুদ্ধ ৷ ১৯ গুচৰীয়াই প্রত্যুত্তৰ কৰিলে যে, যদি তেওঁ গোচৰত জিকে তেন্তে পদকীয়৷ হাৰিব ; তেতিয়া তেওঁ অৱশ্যে সেই টকা পাব ; কিয়নো ব্যৱস্থা শাস্ত্ৰৰ বিধান অনুসাৰে হাৰোঁতাৰ পৰা গোচৰৰ ধন উলিয়াই জিকোঁতাক দিবৰ নিমিত্তে বিচাৰক বাধ্য তেওঁ তাৰ বিপৰীত আচৰণ কৰিব নোৱাৰে ; আৰু যদি গোচৰত তেওঁৰ পৰাজয় হয়, তেন্তে পদকীয়াৰ জয় হব, তেতিয়৷ পদকীয়াই নিজ অঙ্গীকাৰ অনুসৰিয়েই গোচৰৰ ধন দিবলগীয়া হব ; এতেকে দুয়ে৷ প্ৰকাৰে তেওঁ গোচৰৰ ধন পাবৰ অধিকাৰী। বিচাৰকে দুয়ো ফালৰ উত্তৰ-প্ৰত্যুত্তৰ গমি চাই গুচৰীয়াৰ কথা সঙ্গত বুজিলে আৰু বাঢ়িৰে সৈতে গোচৰৰ ধন তেওঁ পাবৰ সিদ্ধান্ত কৰিলে।