পৃষ্ঠা:পাঠ-মালা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । এটা মানুহৰ নিতৌ পাঁচ সেৰ মান গাখীৰ দিয়া এজনী ডিৰা মহ আছিল, আৰু সেই গাখীৰৰ দ্বাৰা তাইৰ গৰাকীৰ কোনো প্ৰকাৰে জীৱিকা চলিছিল। কিছু কালৰ পাচত সি ভাবিলে যে, মহজনী খুঁটিত বান্ধি নথৈ হাবিত মেলি দিলে, তাই মুকলিমূৰে, আপোন ইচ্ছাৰে, ভাল ঘাঁহ খাবলৈ পাই আৰু অধিক গাখীৰ দিব, আৰু বনৰীয়া মতাৰ লগ পোৱাত জাগিবও পাৰিব ; তাতে তাৰ লাভৰ পৰিমাণ বেচি হৈ সি চহকী হব ৷ এইৰূপে চিন্ত| কৰি সি মহ হাবিলৈ এৰি দিলে, কিন্তু তাই বনৰীয়৷ মহৰ জাকত সোমাই ঘৰলৈ উলটি নাহিল । তাতে তাৰ আগৰ সম্পত্তিও হেৰাল ৷ ১৮ ১১ পাঠ। দুজন উকীলৰ কথা ( Two Pleaders. ) “লোকলৈ বুলি হুল পাতি আপুনি মৰে ফুটি।” যিলোকে বুদ্ধি আৰু চতুৰতাৰ দ্বাৰ৷ আনক ছলিবলৈ উপায় কৰে, তেওঁ কেতিয়াবা আপোনাৰ ফান্দতে আপুনি পৰে । এজন বৰ বুধিয়ক আৰু তৰ্ক-শাস্ত্ৰত পাৰ্গত ডেকাই তেওঁক গোচৰৰ উত্তৰ-প্ৰত্যুত্তৰ শিকাবৰ নিমিত্তে এজন প্রাচীন উকীলক প্ৰাৰ্থনা কৰি তেওঁক ছলিবৰ মনেৰে এইৰূপে কথা বান্ধিলে যে, শিক্ষা-সমাপ্তিৰ পাচত গোচৰত জিকিলে তেওঁ সেই শিক্ষকক দহ হেজাৰ টকা দিব। পাচে উত্তৰ-প্ৰত্যুত্তৰত পাৰ্গত হৈ আৰু অনেক গোচৰত