পৃষ্ঠা:পাঠ-মালা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ পাঠ। এজন পিত৷ আৰু তেওঁৰ পুতেকবিলাকৰ কথ৷ ( A father and his sons.) একতাই মানুহৰ শক্তি ; অনেক মানুহে মিলি যি কাম কৰিব পাৰে, এজনে কেতিয়াও নোৱাৰে। বহুত তৃণ গোটাই ৰচা ; এডাল ফয়েৰে দঁতাল হাতীকে। বন্ধা যায় । জন সুশীল আৰু পৰিশ্ৰমী মানুহে তেওঁৰ পুতেকবিলাকৰ মাজত কন্দল হোৱা দেখি সিবিলাকক মাতি আনিলে, আৰু একটি খাগৰি সিবিলাকৰ হাতত দি তাক ভাঙ্গিবলৈ কলে৷ কিন্তু সিবিলাকে গাই পতি পাৰে মানে যত্ন কৰিও সেই আটিটোক মোকটাবই নোৱাৰিলে তাতে বুঢ়াই কলে—“বাপু আটিটো এতিয়া মেল৷, আৰু খাগৰিবোৰ। এডাল এডাল কৰি ভাঙ্গিব পাৰ৷ নে চোৱঁহিঁকচোন।” তেতিয়৷ সিবিলাকে সেইৰূপ কৰি আটাইবিলাক খাগৰি অনায়াসে ভাঙ্গি খণ্ড-খণ্ড কৰিলে। ইয়াকে দেখি সিবিলাকৰ শিক্ষাদাতা বাপেকে কলে,—“এইয়ে তোমালোকৰ অৱস্থাৰ দৃষ্টান্ত। যদি মিলেৰে একে লগে থাকঁা, তেন্তে একো ভয় নাই ; কিন্তু দন্দ কৰি বেলেগ হলেই নষ্ট হবাহঁক।” ১০ পাঠ। এজন মহগিৰীৰ কথ) (An owner of a Buffalo.) যি মানুহে কোনো অনিশ্চিত বস্তুৰ আশাৰে আপোনাৰ হাতত থকা বস্তুক পৰিত্যাগ কৰে, সি কেৱল সেই হাতৰ বস্তুকে মাথোন হেৰুৱায়, এনে নহয় ; আশা কৰা বস্তুকো নেপাই দুখত পৰে ৷ CORNER