পৃষ্ঠা:পাঠ-মালা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা ৷ বাপেকে সেই ৰূপে কৰিবলৈ গাত লোৱাত, পাপ-বুদ্ধিয়ে পাচ দিন৷ প্ৰত্যুষে স্নান কৰি, ধৰ্ম্ম-বুদ্ধি আৰু বিচাৰকবিলাকেৰে সৈতে সেই গছৰ ওচৰলৈ গৈ উচ্চস্বৰে বুলিলে,—“হে ভগৱতি বনদেবি! আমাৰ দুজনৰ ভিতৰত কোন জন চোৰ, তাক তুমি কোৱঁ।।” তাতে গছৰ খোৰোঙ্গৰপৰ৷ পাপ-বুদ্ধিৰ বাপেকে উত্তৰ কৰিলে, —“তোমালোকে সকলোৱে শুনিব৷, ধৰ্ম্ম-বুদ্ধিয়ে সেই ধন চুৰ কৰিছে৷” এই কথা শুনি বিচাৰকসকল বিচুৰ্ত্তি হল ৷ তেতিয়া ধৰ্ম্ম-বুদ্ধিয়ে কিছুমান শুকান খৰি আৰু বন গোটাই গছৰ খোৰোঙ্গত জুই লগাই দিলে। তাতে আধা-পে'ৰা আৰু কণা হৈ পাপ বুদ্ধিৰ বাপেক শমীধৰ কোটৰৰপৰা ওলাই বিলাপ কৰিবলৈ ধৰিলে ৷ তেওঁৰ তেনে অৱস্থ৷ দেখি সকলোৱে সুধিলে,—“ই কি ?” তেতিয়া তেওঁ সেইটো পাপ-বুৰি কুমন্ত্ৰণাৰ ফল বুলি কৈ প্ৰাণ এৰিলে। তাতে সেই বিচাৰকসকলে ধৰ্ম্ম-বুদ্ধিক বহু প্ৰশংসা আৰু পাপ-বুদ্ধিক শমীধ গছৰ ডালত ওলমাই প্ৰ৷৷ দণ্ড কৰিলে, আৰু কলে যে, মানুহে কোনো কাৰ্য্যৰ উপায় চিন্তোতে সেই উপায়ৰ দ্বাৰা কোনো অমঙ্গলৰ সম্ভাবনা আছে নে নাই, তাকো গমি চাব লাগে। এই পাপ বুদ্ধিয়ে অর্থোপাৰ্জ্জনৰ উপায় চিন্তিলে তাৰ দ্বাৰ৷ যি অনিষ্ট হব পাৰে, তালৈ মন নকৰিলে, এই কাৰণে তেওঁ তাৰ ফল পালে । ১৬