পৃষ্ঠা:পাঠ-মালা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ইয়াত ধন থোৱাৰ কথা আন কোনোৱে নেজানে, আক চোৱাচোন গাঁতটোও পূৰাই থোৱা হৈছে, আন চোৰে তেনে কিয় কৰিব ? এতেকে তাৰ অৰ্দ্ধেক মোক দিয়া ; নাইবা মই ৰজাৰ আগত গোচৰ কৰিম।” তাতে ধৰ্ম্ম-বুদ্ধিয়ে খঙ্গেৰে মাত লগালে,—‘দুৰাত্মা ! এনে কথা নকবি ধৰ্ম্ম-বুদ্ধিয়ে চুৰ নকৰে৷” এইৰূপে দন্দ লাগিলত দুয়ে৷ বিচাৰালয়লৈ গৈ এজনে আনজনৰ ওপৰত দোষাৰোপ কৰিবলৈ ধৰিলে। তাতে বিচাৰকসকলে শপতৰ দ্বাৰা বিবাদ মিটাবৰ প্ৰস্তাৱ কৰিলে; কিন্তু পাপ-বুদ্ধিয়ে সেই কথাত মান্তি ন হৈ কলে—“এই কথা অন্যায়, মই বনদেৱতাক সাক্ষী মানিছে৷, তেওঁ আমাৰ দুজনৰ ভিতৰত যেয়ে ধন নিছে বুলি কয়, সেয়ে চোৰ।” বিচাৰকবিলাকে সেই কথা যুগুত যেন বুজি কলে বোলে,—“কালিলৈ ৰাতিপুৱা তোমালোকে সৈতে আমি সেই বনলৈ যাম।” পাচে পাপ-বুদ্ধিয়ে, ঘৰলৈ গৈ, পিতাকক কলে,—‘পিতৃ ! মই ধৰ্ম্ম-বুদ্ধিৰ বহুত ধন চুৰ কৰি আনিলোঁ। এতিয়া সেই ধন তোমাৰ বাক্যৰ দ্বাৰা হে জীণ দুইকে৷ বিসর্জন দিব লাগিব ৷ যাব; নতুব৷ আমি ধন, প্রাণ তাতে তেওঁৰ বাপেকে উত্তৰ কৰিলে,—“বাপা ! মই যি কৰিলে তোমাৰ মন থিৰ হয় তাক শীঘ্ৰ কোৱঁ৷৷” পাপ-বুদ্ধিয়ে উত্তৰ দি বুলিলে—“পিতৃ ! সৌ হাবিৰ ওচৰত থকা এজোপা শমীধ-গছত এট৷ বৰ গভীৰ কোটৰ আছে ৷ তুমি এতিয়াই তাত সোমোৱা গৈ ৷ কালিলৈ ৰাতি- পুৱ৷ যেতিয়া মই ধৰম চিয়াই সঁচা কথা কবলৈ বনদেৱতাক প্ৰাৰ্থনা কৰিম, তেতিয়৷ তুমি “ধৰ্ম্ম-বুদ্ধি চোৰ” এই উত্তৰ দিবা।”