পৃষ্ঠা:পাঠ-মালা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । মনেৰে পিতৃ-মাতৃৰ অনুমতি লৈ পাপ-বুদ্ধিৰে সেতে পৰদেশলৈ যাত্ৰা কৰিলে ৷ দেশান্তৰত উপস্থিত হৈ ধৰ্ম্ম-বুদ্ধিয়ে নিজৰ সংস্বভাৱ আৰু সুগুণৰ নিমিত্তে সকলোৰেপৰ৷ আদৰ আৰু বহু ধন পালে ; আৰু তেওঁৰ সাহায্য দ্বাৰা পাপ-বুদ্ধিয়ে বিস্তৰ ধন আৰ্জিলে। এইৰূপে কিছুকাল বিদেশত থাকি দুয়ো অতিশয় হৃষ্ট চিত্তেৰে ঘৰলৈ উলটি আহিল। ১৪ ঘৰৰ ওচৰ পাই পাপ-বুদ্ধিয়ে ধৰ্ম্ম-বুদ্ধিক কলে,—“বন্ধু ! এই সকলোবিলাক ধন একেবাৰেই ঘৰলৈ নিয়া উচিত নহয়, কিয়নো আমাৰ মিতিৰ কুটুমে খুজিলে আমি সিবিলাকক পৰাম্মুখ কৰিব নোৱাৰিম, এতেকে সৰহ ভাগ এই অৰণ্যত পুতি থৈ কিছুমান লৈ ঘৰলৈ যাওঁহঁক, আকও ধনৰ প্ৰয়োজন হলে পুনৰায় এই ঠাইলৈ আহিম।” এই কথা শুনি অকপটচিত্ত ধৰ্ম্ম-বুদ্ধিয়ে কলে,—“ভাল বন্ধু ! তুমি যেনে উচিত বুজা, তেনে কৰাঁ।” পাচে সেইরূপে ধন পুতি থৈ দুয়ো ঘৰলৈ গল । এদিন ৰাতি পাপ-বুদ্ধিয়ে সেই হাবিলৈ গৈ সমুদায় ধন উলিয়াই ললে, আৰু গাঁতটো পূৰাই ঘৰলৈ উলটি আহিল । ইয়াৰ কিছু দিনৰ পাচত পাপ-বুদ্ধিয়ে ধৰ্ম্ম বুদ্ধিক কলে,—“সখি ! আমাৰ পোষ্য অনেক ; ধনৰ অভাৱত বৰ দুখ হৈছে ; আহা, সেই ঠাইৰ- পৰ৷ কিছু ধন আনোহঁক গৈ ৷” ধৰ্ম্ম-বুদ্ধি তাতে মান্তি হল । পাচে সিবিলাকে সেই ঠাই পাই মাটি খানিলত ধনৰ শুদ| ভাঙটো মাথোন ওলাল! তেতিয়া পাপ-বুদ্ধিয়ে কপালত ভুকুৱাই দুঃখিত ভাৱেৰে ধৰ্ম্ম-বুদ্ধিক সম্বোধন কৰি কলে,— ‘বন্ধু ! আনে ধন নিয়া নাই তুমিয়েই হে এইটো কাম কৰিলা ৷