পৃষ্ঠা:পাঠ-মালা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠমালা । বিস্মৃত হব ? তুমি ব| তোমাৰ পুত্ৰশোক কিৰূপে পাহৰিব ?” এই বুলি সাপে বহুমূল্য-হীৰ৷ এখন দি, পুনৰায় তালৈ নাহিবলৈ কৈ, বামুণক বিদায় দিলে ; তাতে বামুণে পুতেকৰ দুৰ্ব্ব স্কিক নিন্দি ঘৰলৈ উলটি গল । সাপে যে সেইৰূপে কৈছিল এনে নহয়, কিন্তু কোনো জ্ঞানী মানুহে তেনে অৱস্থাত যি কথা কলেহেঁতেন, এই উপকথাৰ দ্বাৰা তাকে মাথোন দেখোৱা হৈছে। ৮ পাঠ। ধৰ্ম্ম-বুদ্ধি আৰু পাপ-বুদ্ধিৰ কথা ( A Story of Dharmabuddhi and Papabuddhi. ) সন্ত লোকে দুষ্টেৰে সৈতে হাট-বাট কৰিলে দুষ্টই সস্তৰপৰা পোৱা উপকাৰক যে শলাগ নলয়েই, সেই উপকাৰৰ সলনি অপকাৰ কৰিবলৈও যত্ন কৰে ; কিন্তু ধৰ্ম্মপথত থাকিলে একে৷ ভয় নাই । কোনে৷ এক দেশত ধৰ্ম্ম-বুদ্ধি আৰু পাপ বুদ্ধি নামেৰে দুজন বন্ধু আছিল। এদিন পাপ-বুদ্ধিয়ে মনত ভাবিলে যে, “মই মূৰ্খ আৰু দৰিদ্ৰ ; এতেকে, এই ধৰ্ম্ম-বুদ্ধিক লগত লৈ দেশ৷ন্তৰলৈ গলে তেওঁৰ সহায়তাৰ দ্বাৰা ধন আৰ্জিব পাৰিম, আৰু তেওঁক বঞ্চি তেওঁৰ ধনখিনিকে৷ লব পাৰিলে মই এজন বৰ আঢ্যৱন্ত হম।” ইয়াকে মনত আলচি পাচ দিনা সি ধৰ্ম্ম- বুদ্ধিক কলে,—“সখি ! এতিয়া ডেকা-কালত বিদেশ নেচালে বুঢ়া হলে সন্তানাদিৰ আগত কি কবা ? এতেকে বিদেশলৈ যাওঁ আহঁ৷ ৷” এই কথাত ধৰ্ম্ম-বুদ্ধি মান্তি হল, আৰু আনন্দিত i