পৃষ্ঠা:পাঠ-মালা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। অযুগুত কিয়নো তাৰ দ্বাৰা একো লাভ নহৈ অনেক সময়ত লাজ পোৱা যায়, আৰু হানিও হয়। 30 । কোনো ‘এক দেশত এজন দৰিদ্ৰ অথচ কৃপণ ব্রাহ্মণ আছিল। তেওঁ ভিক্ষা কৰি অনা কিছুমান পিঠা-গুড়ি এটা কলহত ভৰি শোৱা চাঙ্গৰ ভৰি-পথানৰ ফালে বাৰত আৰি থৈছিল ৷ এদিন ৰাতি সেই কলহটে৷ দেখি তেওঁ মনত ভাবিবলৈ ধৰিলে, “ৰবা, এই কলহটো পিঠা-গুড়িৰে পূৰ হৈ আছে ; আকাল হলে ইয়াক বেচি এশ পোণ কড়ি পাম । সেই কড়িৰে এহাল মাইকী ছাগ কিনিম । সেই হালৰ পৰা ছমাহৰ ভিতৰতে এজাক ছাগলী হব। সেই বিলাকৰ বিক্ৰয়ৰ দ্বাৰা দুজনী গাই কিনিবলৈ জোৰ৷ ধন পাম । সেই গাই- বিলাকৰ গাখীৰ আৰু বাছৰুবিলাক বিকি অলপ কালৰ মুৰতে এজনী মহৰ গৰাকী হব পাৰিম । সেই মহাজনী জগিলে তাইৰ গাখীৰ আৰু পোৱালি বেচি যি ধন পাম তাৰে এজনি ঘুৰী কিনিম; সেই ঘুৰীৰ পৰা বহুত ঘোঁৰা হব। ঘোৰাবিলাকৰ বিক্ৰয়ৰ দ্বাৰা বিস্তৰ সোণ লম। সেইবোৰৰ কিছুমানেৰে অলঙ্কাৰ গঢ়াম, উত্তম ধৰ কৰিম, আৰু দাস-দাসী কিনিম। তেতিয়া মোৰ সম্পত্তি দেখি কোনো এজন উচ্চ শ্ৰেণীৰ ব্ৰাহ্মণে উপযাচি তেওঁৰ সুন্দৰী কন্যাক মোলৈ বিয়া দিব। পাচে তেওঁৰ এটি পুত্ৰ হব, তাৰ সোমশৰ্ম্মা নাম থম । সি আঁঠু কাঢ়ি ফুৰিব পৰা হলে, মই এদিন এখন পুথি লৈ পঢ়াবলৈ ধৰিম। তাতে সোমশৰ্ম্মাই মোক দেখি মাকৰ কোলাৰ পৰা মোৰ