সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
পাঠ-মালা

অযুগুত কিয়নো তাৰ দ্বাৰা একো লাভ নহৈ অনেক সময়ত লাজ পোৱা যায়, আৰু হানিও হয়।
 কোনো এক দেশত এজন দৰিদ্ৰ অথচ কৃপণ ব্ৰাহ্মণ আছিল। তেওঁ ভিক্ষা কৰি অনা কিছুমান পিঠা-গুড়ি এটা কলহত ভৰি শোৱা চাঙ্গৰ ভৰি-পথানৰ ফালে বাৰত আৰি থৈছিল। এদিন ৰাতি সেই কলহটে৷ দেখি তেওঁ মনত ভাবিবলৈ ধৰিলে, “ৰবা, এই কলহটো পিঠা-গুড়িৰে পূৰ হৈ আছে; আকাল হলে ইয়াক বেচি এশ পোণ কড়ি পাম। সেই কড়িৰে এহাল মাইকী ছাগ কিনিম। সেই হালৰ পৰা ছমাহৰ ভিতৰতে এজাক ছাগলী হব। সেই বিলাকৰ বিক্ৰয়ৰ দ্বাৰা দুজনী গাই কিনিবলৈ জোৰা ধন পাম। সেই গাইবিলাকৰ গাখীৰ আৰু বাছৰুবিলাক বিকি অলপ কালৰ মুৰতে এজনী মহৰ গৰাকী হব পাৰিম। সেই মহাজনী জগিলে তাইৰ গাখীৰ আৰু পোৱালি বেচি যি ধন পাম তাৰে এজনি ঘুঁৰী কিনিম; সেই ঘুঁৰীৰ পৰা বহুত ঘোঁৰা হব। ঘোঁৰাবিলাকৰ বিক্ৰয়ৰ দ্বাৰা বিস্তৰ সোণ লম। সেইবোৰৰ কিছুমানেৰে অলঙ্কাৰ গঢ়াম, উত্তম ঘৰ কৰিম,আৰু দাস-দাসী কিনিম।
 তেতিয়া মোৰ সম্পত্তি দেখি কোনো এজন উচ্চ শ্ৰেণীৰ ব্ৰাহ্মণে উপযাচি তেওঁৰ সুন্দৰী কন্যাক মোলৈ বিয়া দিব। পাচে তেওঁৰ এটি পুত্ৰ হব, তাৰ সোমশৰ্ম্মা নাম থম। সি আঁঠু কাঢ়ি ফুৰিব পৰা হলে, মই এদিন এখন পুথি লৈ পঢ়াবলৈ ধৰিম।তাতে সোমশৰ্ম্মাই মোক দেখি মাকৰ কোলাৰ পৰা মোৰ