পৃষ্ঠা:পাঠ-মালা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ওচৰলৈ আহিব, আৰু মাক ভিতৰলৈ উঠি যাব। তেতিয়া মই তাক নিবৰ নিমিত্তে,মাকক মাতিম ; কিন্তু তেওঁ অন্তেসপূৰত থকাৰ কাৰণে মোৰ কথা নুশুনিব। তাতেই মই উঠি গৈ মোৰ খঙ্গৰ কিমান ভমক, তাকে দেখুৱাবৰ নিমিত্তে তেওঁক এই দৰে গোৰ মাৰি দিম”, এই বুলি ভৰি চলোৱা মাত্রেই তাৰ ঠেল| লাগি বামুণৰ সকলে| আশাৰ ভঁৰাল, পিঠা গুড়িৰ কলহটো খণ্ড-খণ্ড হৈ ভাগি পৰিল, আৰু বপুৰাক শোকৰ অগ্নিত 'পেলাই তেওঁৰ ধন, জন, পুত্ৰ, ভাৰ্য্যা বাৰী-ঘৰ, সকলো অদৃশ্য হল । ৭ পাঠ। এটা সাপ আৰু বামুণৰ কথা (A Brahmin and a Serpent.) লোভৰ পৰা পাপ, পাপৰ পৰা মৃত্যু হয় ; এতেকে অতি লোভ বৰ্জ্জনীয় । কোনো এক দেশত কৃষিৰ দ্বাৰা জীৱিকা কৰা হৰিদত্ত নামেৰে এজন বামুণ আছিল৷ তেওঁ বৰ পৰিশ্ৰমেৰে খেতি কৰে, তথাপি তাৰ সম্পূর্ণ ফল কেতিয়াও নেপায় ; এদিন বৰ শ্ৰান্ত হৈ খেতিৰ মাজত থক৷ এজোপা গছৰ ছাঁত শুই থাকোঁতে তেওঁৰ ওচৰতে এটা উই-হাঁফলুত এটা বৰ ডাঙ্গৰ সাপ দেখি তেওঁ মনত ভাবিলে “অ। ৰবা, এৱেঁই ক্ষেত্ৰৰ অধিপতি দেৱতা, মই কেতিয়াও এওঁৰ পূজা কৰা নাই, এই কাৰণে হে মোৰ কৃষি নিষ্ফল হয়, এতেকে আজি মই এওঁক পূজিম,” এই কথা মনতে থিৰ কৰি ৰামুণে এটা মাটিৰ মলাত কিছুমান এৱাগাখীৰ লৈ