পৃষ্ঠা:পাঠ-মালা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ পাঠ। এটা গৰখীয়৷ আৰু বাঘৰ কথা (Cowherd and a Tige মিছ৷ কোৱ৷ অযুগুত, ধেমালিত কোৱাও উচিত নহয়, কিয়নে... মিছলীয়া মানুহে সঁচা কলেও কেৱে নপতিয়ায় । এটা গৰখীয়া লৰাই এখন গাৱঁৰ ওচৰত গৰু ৰাখিছিল । সি এদিন ধেমালি কৰি মিছাকৈয়ে “বাঘ আহিছে বাঘ আহিছে” বুলি আটাহ পৰাত তাক আৰু গৰুবোৰক ৰক্ষা কৰিবৰ নিমিত্তে দা-যাঠী আদি লৈ কিছুমান গাৱঁলীয়া মানুহে খেদি গল ; কিন্তু সিহঁতে বাঘ নেদেখিলে তাতে সেই গৰখীয়াই ইতিকিং কৰি সিহঁতক হঁহাত, লাজ পাই ঘৰলৈ উলটি গল ৷ ইয়াৰ পাচতো এবাৰ কি দুবাৰ সি সেই দৰেই গাৱঁলীয়৷ মানুহবিলাকক লাজ দিলে ৷ পাচে এদিন সঁচা সঁচিকৈ এটা বাঘ আহি গৰুৰ জাকত সোমোৱাত সি আগৰ দৰে চিঞৰিবলৈ ধৰিলে ; কিন্তু সি মিছা কৈছে যেন ভাবি তাৰ কথাত কোনোৱে বিশ্বাস নকৰিলে ; তাতে বাঘে ভালেমান গৰু মাৰি এটা লৈ হাবিলৈ গল। তেতিয়া সেই লৰাই বুজিলে যে, মিছলীয়াক কেৱে বিশ্বাস নকৰে । ৬ পাঠ। এজন বামুণ আৰু পিঠা-গুড়িৰ কথা (A Brahmin and Rice-flour. ) আপোনাৰ উন্নতিৰ কাৰণে যত্ন কৰা সকলোৰে উচিত ; সেইৰূপে যত্ন কৰোঁতে যি কেতিয়াও সফল হবৰ সম্ভাবনা নাই সেই আশাত মত্ত হোৱা