৫ পাঠ।
এটা গৰখীয়া আৰু বাঘৰ কথা (Cowherd and a Tiger)
মিছা কোৱা অযুগুত, ধেমালিত কোৱাও উচিত নহয়, কিয়নো মিছলীয়া মানুহে সঁচা কলেও কেৱে নপতিয়ায়।
এটা গৰখীয়া লৰাই এখন গাৱঁৰ ওচৰত গৰু ৰাখিছিল। সি এদিন ধেমালি কৰি মিছাকৈয়ে “বাঘ আহিছে বাঘ আহিছে” বুলি আটাহ পৰাত তাক আৰু গৰুবোৰক ৰক্ষা কৰিবৰ নিমিত্তে দা-যাঠী আদি লৈ কিছুমান গাৱঁলীয়া মানুহে খেদি গল; কিন্তু সিহঁতে বাঘ নেদেখিলে তাতে সেই গৰখীয়াই ইতিকিং কৰি সিহঁতক হঁহাত, লাজ পাই ঘৰলৈ উলটি গল। ইয়াৰ পাচতো এবাৰ কি দুবাৰ সি সেই দৰেই গাৱঁলীয়া মানুহবিলাকক লাজ দিলে। পাচে এদিন সঁচা সঁচিকৈ এটা বাঘ আহি গৰুৰ জাকত সোমোৱাত সি আগৰ দৰে চিঞৰিবলৈ ধৰিলে; কিন্তু সি মিছা কৈছে যেন ভাবি তাৰ কথাত কোনোৱে বিশ্বাস নকৰিলে; তাতে বাঘে ভালেমান গৰু মাৰি এটা লৈ হাবিলৈ গল। তেতিয়া সেই লৰাই বুজিলে যে, মিছলীয়াক কেৱে বিশ্বাস নকৰে।
⸻
৬ পাঠ।
এজন বামুণ আৰু পিঠা-গুড়িৰ কথা
(A Brahmin and Rice-flour. )
আপোনাৰ উন্নতিৰ কাৰণে যত্ন কৰা সকলোৰে উচিত; সেইৰূপে যত্ন কৰোঁতে যি কেতিয়াও সফল হবৰ সম্ভাবনা নাই সেই আশাত মত্ত হোৱা