পৃষ্ঠা:পাঠ-মালা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ৰ্থ পাঠ। দুজন বন্ধু আৰু ভালুকৰ কথা (Two friends and Bear.) সম্পদৰ সময়ত বন্ধু পোৱা যায়, আপদেহে বন্ধুক চিনায়। ক দেশত দুজন বন্ধুৱে, একে লগে বাটত যাওঁতে, এটা ভালুকক দেখা পালে। তাতে এজনে ভয়ত তাৰ সঙ্গীৰ কি দশা হব, তালৈ মন নকৰি লৰ মাৰি গছত উঠিল, আন জনে অকলৈ ভালুকৰ হাতৰ পৰা, সাৰিবৰ উপায় নেদেখি মৰা ভাও ধৰি মাটিত পৰিল ; কাৰণ তাৰ শুনা আছিল যে, ভালুকে মৰা শ নোছোৱে। সি সেই দৰে পৰি থাকোঁতে ভালুকে তাৰ মূৰৰ ওচৰলৈ আহি, মুখ, নাক, কাণ আৰু বুকু সুঙ্গি চালে; কিন্তু সি নিশ্বাস বন্ধ কৰি লৰচৰ নোহোৱাকৈ পৰি থকাত তাক মৰা যেন বুজি গুচি গল। তেতিয়৷ তাৰ সঙ্গী জনে, গছৰ পৰা নামি আহি তাক সুধিলে, “সখি! ভালুকে তোমাৰ কাণত মুখ দিয়া দেখিছিলোঁ, সি নে৷ কাণেকাণে তোমাক কি কথা কলে?” তেতিয়া তাৰ বন্ধুৱেকে উত্তৰ কৰিলে, “সেই টে| একে৷ গোপনীয় কথা নহয়, সি মোক ইয়াকে মাথোন কলে বোলে, “যি তাৰ বন্ধুক আপদত এৰি পলাই যায়, তুমি আগলৈ তাৰ লগ নলৱা।”