পৃষ্ঠা:পাঠ-মালা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। ইমান দুখ পাইছে, তেওঁ বুঢ়াই তালৈ দৃপাতকে নকৰে। আজি কালি মানুহৰ মনৰ পৰা মৰম-বেথা দূৰ হল।” হোজা বুঢ়াই এই কথা শুনি সেই কাম বেয়া যেন বুজিলে আৰু তেতিয়াই পুতেকক তাৰ পাচ-ফালে তুলি ললে। সেই দৰে গৈ হাটৰ ওচৰ পোৱাপুই হওঁতেই আন এজন পথিকে বুঢ়াক মাত লগাই বুলিলে, – “আপ! এই গাধটি তোমাৰ নিজ৷ নে আন মানুহৰ ?” তাতে বুঢ়াই উত্তৰ কৰিলে, “সি মোৰ আপোনাৰ বস্তু ।” এই কথা শুনি বাটৰুৱাই কলে “তুমি তাৰ ওপৰত যিমান বোজা দিছা, তালৈ চালে তাক তোমাৰ নিজ৷ বুলিব নোৱাৰি; নিজ৷ বস্তুক মানুহে ইয়াতকৈ অধিক মৰম কৰে ; তোমালোক দুটা মানুহ তাৰ ওপৰত উঠি তাক দুখ দিয়াতকৈ, দুটাই তাক কনত তুলি লৈ যোৱাই ভাল।” তাতে বুঢ়াই বোলে, “ভাল দেও!” আপুনি যি বুলিছে তাকে কৰিম,” এই বুলি এডাল কান-মাৰি আনিলে, আৰু বাপেক পুতেকে গাধটোক সাঙ্গী বান্ধি লৈ এখন দলং পালে গৈ, কিন্তু সেই কাৰ্যটো এনে হাস্যজনক আছিল যে, দলঙ্গত বহি থকা কিছুমান মানুহে একেবাৰেই হাত-চাপৰি মাৰি হাঁহিবলৈ আৰু বুঢ়া আৰু তাৰ পুতেকক নিৰ্ব্বোধ ইত্যাদি বুলি নিন্দিবলৈ ধৰিলে ; তাতে সিহঁতৰ হাইত, ঢঁক খাই উচাল মাৰি দিয়াত, জৰী ছিগি গাধ নৈত পৰিল ৷ তেতিয়া বুঢ়াই বৰ লাজ আৰু বেজাৰ পালে, আৰু আগলৈ সকলোকে সন্তোষ দিবৰ চেষ্টা নকৰিবলৈ অঙ্গীকাৰ কৰি পুতেকেৰে সৈতে ঘৰলৈ উলটি গল ।

9