পৃষ্ঠা:পাঠ-মালা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩য় পাঠ। এটা বুঢ়া মানুহ, তাৰ পুতেক আৰু এটা গাধৰ কথা (An old man, his son and an Ass. ) এই জগতত অনেক প্ৰকাৰৰ মানুহ আছে ; সেই সকলোৰে মত একে নহয় ; এতেকে আমি কোনো কাম কৰি একেবাৰেই সকলোকে সন্তোষ দিব নোৱাৰোহঁক, আৰু সকলোকে সন্তোষ দিব খুজিলে, আমাৰ যত্ন সফল হওক ছাৰি, আমি অনেক সময়ত হা্যাস্পদ, আৰু হানিৰ অধীন হব লাগে৷ এই কাৰণে যি লোকক জ্ঞানী আৰু সৎলোক বুলি জনা যায়, অকল সিবিলাকৰ মত অনুসৰি কাম কৰা উচিত ৷ এটা বুঢ়া মানুহে তাৰ এটা গাধ বিকিবৰ নিমিত্তে হাটলৈ লৈ যাওঁতে তাৰ পুতেকক সেই গাধত তুলি আপুনি তাৰ ওচৰত খোজ কাঢ়ি গৈছিল৷ বাটত কিছুমান পথিকে সিহঁতৰ লগ পাই পুতেকক নিন্দ৷ কৰি বুলিলে,—“চোৱ৷ চোন, সেইটো কেনে নির্ব্বোধ ডেকা! সি গাধৰ পিঠিত উঠি সুখেৰে গৈছে, বুঢ়াটোক হলে খোজ কঢ়াই মাৰিছে এই কালত বুঢ়৷ মানুহৰ একো সম্মান নাইকিয়া হল।” তাতে বুঢ়াই বাটৰুৱাবিলাকৰ এই কথা উচিত যেন বুজি, আৰু পুতেকৰে৷ নিন্দ৷ গুচাবৰ ইচ্ছা কৰি তাকে নামিবলৈ কলে আৰু নিজে গাধত উঠিল ৷ এইৰূপে অলপ দূৰ গৈ আকৌ কিছুমান বাটৰুৱাৰ লগ পালে, তাতে সিহঁতে একেবাৰেই মাত লগাই কলে, “চোৱাচোন! সেইটো কেনে এলেহুৱ| বুঢ়া ৷ সি গাধত উঠি সুখেৰে যাব লাগিছে, তাৰ সেই কুমলীয়া পুতেকটিয়ে লৰ দিও তাৰ লগত যাব পৰা নাই । সি