৩য় পাঠ।
এটা বুঢ়া মানুহ, তাৰ পুতেক আৰু এটা গাধৰ কথা
(An old man, his son and an Ass. )
এই জগতত অনেক প্ৰকাৰৰ মানুহ আছে; সেই সকলোৰে মত একে নহয়; এতেকে আমি কোনো কাম কৰি একেবাৰেই সকলোকে সন্তোষ দিব নোৱাৰোহঁক, আৰু সকলোকে সন্তোষ দিব খুজিলে, আমাৰ যত্ন সফল হওক ছাৰি, আমি অনেক সময়ত হাস্যাস্পদ, আৰু হানিৰ অধীন হব লাগে। এই কাৰণে যি লোকক জ্ঞানী আৰু সৎলোক বুলি জনা যায়, অকল সিবিলাকৰ মত অনুসৰি কাম কৰা উচিত।
এটা বুঢ়া মানুহে তাৰ এটা গাধ বিকিবৰ নিমিত্তে হাটলৈ লৈ যাওঁতে তাৰ পুতেকক সেই গাধত তুলি আপুনি তাৰ ওচৰত খোজ কাঢ়ি গৈছিল। বাটত কিছুমান পথিকে সিহঁতৰ লগ পাই পুতেকক নিন্দ৷ কৰি বুলিলে,—“চোৱাঁচোন, সেইটো কেনে নিৰ্ব্বোধ ডেকা! সি গাধৰ পিঠিত উঠি সুখেৰে গৈছে, বুঢ়াটোক হলে খোজ কঢ়াই মাৰিছে এই কালত বুঢ়া মানুহৰ একো সম্মান নাইকিয়া হল।” তাতে বুঢ়াই বাটৰুৱাবিলাকৰ এই কথা উচিত যেন বুজি, আৰু পুতেকৰো নিন্দ৷ গুচাবৰ ইচ্ছা কৰি তাকে নামিবলৈ কলে আৰু নিজে গাধত উঠিল। এইৰূপে অলপ দূৰ গৈ আকৌ কিছুমান বাটৰুৱাৰ লগ পালে, তাতে সিহঁতে একেবাৰেই মাত লগাই কলে, “চোৱাঁচোন! সেইটো কেনে এলেহুৱা বুঢ়া। সি গাধত উঠি সুখেৰে যাব লাগিছে, তাৰ সেই কুমলীয়া পুতেকটিয়ে লৰ দিও তাৰ লগত যাব পৰা নাই। সি