পৃষ্ঠা:পাঠ-মালা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । থাকে ; চন্দ্ৰ সূৰ্য্যৰে৷ উদয় অস্ত আছে ; এতেকে আজি যি ওখ হৈ উঠিছে, কালিলৈ সি তললৈ নামিব পাৰে। ইয়াকে বুজি জ্ঞানীলোক, বৰ ধনী বা ক্ষমতাৱন্ত হলেও অহঙ্কাৰী নহয় ৷ ৮। যি ঠাইত মানুহে সম্মান আৰু প্ৰীতি নেপায়, কোনো বন্ধু নাই, বিদ্যা আৰু ধন অৰ্জ্জিবও নোৱাৰে, তাত থকাই অনুচিত । ৯। প্রথম বয়সতে যি শান্ত, তাকেহে শান্ত বুলিব লাগে ; শৰীৰ দুৰ্ব্বল হলে নো শান্ত কোন নহয়? ১০। সন্ত লোকে এশ টকা ভৰিও আনেৰে সৈতে বিবাদ নকৰে, কিন্তু মূৰ্খ হলে অকাৰণতে দন্দ, কৰি ফুৰে । ১১। অনুপস্থিত বিপদৰ নিবাৰণৰ নিমিত্তে যি আগেয়েই সাৱধান হৈ থাকে, সদায় তেওঁৰ সুখ হয়; কিন্তু যি উপস্থিত আপদৰ প্ৰতিকাৰৰ কাৰণে চেষ্টা নকৰে, তেওঁ অৱশ্যে কষ্টত পৰে ৷ « ১২। দুখীয়াক প্ৰতিপালন কৰিবা, কিন্তু আঢ্যৱন্ত মানুহক ধন নিদিব৷ ; কিয়নো ঔষধৰ দ্বাৰা ৰোগীৰ উপকাৰ হয়, নিৰোগীৰ দৰবত কি সকাম ? ১৩৷ উপকাৰীৰ শলাগ লবা, অশলাগীৰ সমান পাপী নাই। পৰৰ উপকাৰ কৰাৰ সমান পুণ্য আৰু হিংস৷ কৰাৰ সমান পাপ নাই ৷ ১৪। আপদত পৰিলে অধৈৰ্য্য নহৈ স্থিৰ মনেৰে তাৰগৰা উদ্ধাৰ পাবৰ উপায় চিন্তিব লাগে, নতুবা আপদে জালৰ দৰে মেৰাই ধৰে ৷ ১৬ ৷ দয়া বা মৰমৰ বশ হৈ যি শত্রুত বিশ্বাস কৰে, সি অৱশ্যে আপদত পৰে ৷