থাকে; চন্দ্ৰ সূৰ্য্যৰে৷ উদয় অস্ত আছে; এতেকে আজি যি ওখ হৈ উঠিছে, কালিলৈ সি তললৈ নামিব পাৰে। ইয়াকে বুজি জ্ঞানীলোক, বৰ ধনী বা ক্ষমতাৱন্ত হলেও অহঙ্কাৰী নহয়।
৮। যি ঠাইত মানুহে সম্মান আৰু প্ৰীতি নেপায়, কোনো বন্ধু নাই, বিদ্যা আৰু ধন অৰ্জ্জিবও নোৱাৰে, তাত থকাই অনুচিত।
৯। প্ৰথম বয়সতে যি শান্ত, তাকেহে শান্ত বুলিব লাগে; শৰীৰ দুৰ্ব্বল হলে নো শান্ত কোন নহয়?
১০। সন্ত লোকে এশ টকা ভৰিও আনেৰে সৈতে বিবাদ নকৰে, কিন্তু মূৰ্খ হলে অকাৰণতে দন্দ্ কৰি ফুৰে।
১১। অনুপস্থিত বিপদৰ নিবাৰণৰ নিমিত্তে যি আগেয়েই সাৱধান হৈ থাকে,সদায় তেওঁৰ সুখ হয়; কিন্তু যি উপস্থিত আপদৰ প্ৰতিকাৰৰ কাৰণে চেষ্টা নকৰে, তেওঁ অৱশ্যে কষ্টত পৰে।
১২। দুখীয়াক প্ৰতিপালন কৰিবা, কিন্তু আঢ্যৱন্ত মানুহক ধন নিদিবা; কিয়নো ঔষধৰ দ্বাৰা ৰোগীৰ উপকাৰ হয়, নিৰোগীৰ দৰবত কি সকাম?
১৩। উপকাৰীৰ শলাগ লবা, অশলাগীৰ সমান পাপী নাই।
১৪। পৰৰ উপকাৰ কৰাৰ সমান পুণ্য আৰু হিংসা কৰাৰ সমান পাপ নাই।
১৫। আপদত পৰিলে অধৈৰ্য্য নহৈ স্থিৰ মনেৰে তাৰপৰা উদ্ধাৰ পাবৰ উপায় চিন্তিব লাগে, নতুবা আপদে জালৰ দৰে মেৰাই ধৰে।
১৬। দয়া বা মৰমৰ বশ হৈ যি শত্ৰুত বিশ্বাস কৰে, সি অৱশ্যে আপদত পৰে।
⸻