দান, আৰু শক্তি হলে আনক আপদৰ পৰা ৰক্ষা কৰে; কিন্ত দুষ্ট মানুহৰ এই কেইটা গুণ হলে বিপৰীত ফল হয়, অৰ্থাৎ সি বিদ্যাক বিবাদত মাথোন লগায়, ধনৰ দ্বাৰা তাৰ অহঙ্কাৰ হয়,আৰু শক্তি হলে সি লোকক হিংসা কৰে।
১৭। পৰৰ উপকাৰৰ নিমিত্তে যি লোকে ধন ব্যয় কৰে,তেওঁৰ সাৰ্থক জীৱন। যি জনে ধন আৰ্জ্জি আপোনাৰ পেট মাথোন পোহে, সি একো প্ৰশংসাৰ যোগ্য নহয়; কাৰণ বগেও দীঘল ঠোঁটেৰে মাছ ধৰি আপোনাৰ পেট পূৰণ নকৰে নে?
১৮। বিনা দুখেৰে সুখ নহয়, দুখ কৰিলে হে মুখ ভৰে।
১৯। আপোনাক অজৰ-অমৰ যেন ভাবি বিদ্যা আৰু ধন উপাৰ্জ্জন আৰু যমে চুলিত ধৰি টানিছে, এনে ভাৱে ধৰ্ম্মৰ চৰ্চা কৰিব লাগে।
⸻
২ পাঠ।
নীতি-সাৰ (সমাপ্ত)
১। তোমাৰ পিতৃ-মাতৃক সম্মান কৰিবা।
২। অকাৰণত জীব-হত্যা নকৰিৱা।
৩। লোকৰ তিৰোতাৰ প্ৰেমত আসক্ত নহবা।
৪। চুৰ নকৰিবা; মিছা কথাকো নকবা।
৫। তোমাৰ চুবুৰীয়াৰ ঘৰ, ভাৰ্য্যা, দাস, দাসী, মহ-গৰু বা আন কোনো বস্তুলৈ লোভ নকৰিবা।
৭। মানুহৰ দশা সদায় সমানে নবৰ্ত্তে, ৰথৰ চক্ৰৰ দৰে ঘুৰি