পৃষ্ঠা:পাঠ-মালা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । দান, আৰু শক্তি হলে আনক আপদৰ পৰা ৰক্ষা কৰে ; কিন্তু দুষ্ট মানুহৰ এই কেইটা গুণ হলে বিপৰীত ফল হয়, অর্থাৎ সি বিদ্যাক বিবাদত মাথোন লগায়, ধনৰ দ্বাৰ! তাৰ অহঙ্কাৰ হয়, আৰু শক্তি হলে সি লোকক হিংসা কৰে ৷ ১৭৷ পৰৰ উপকাৰৰ নিমিত্তে যি লোকে ধন ব্যয় কৰে, তেওঁৰ সাৰ্থক জীৱন । যি জনে ধন আৰ্হি আপোনাৰ পেট মাথোন পোহে, সি একো প্ৰশংসাৰ যোগ্য নহয় ; কাৰণ বগেও দীঘল ঠোঁটেৰে মাছ ধৰি আপোনাৰ পেট পূৰণ নকৰে নে ? ১৮৷ বিনা দুখেৰে সুখ নহয়, দুখ কৰিলে হে মুখ ভৰে। ১৯। আপোনাক অজৰ-অমৰ যেন ভাবি বিদ্যা আৰু ধন উপাৰ্জ্জন আৰু যমে চুলিত ধৰি টানিছে, এনে ভাৱে ধৰ্ম্মৰ চৰ্চা কৰিব লাগে। 8 ১। ২। ৩। ৪। ৫। ২ পাঠ। নীতি-সাৰ (সমাপ্ত) ভোমাৰ পিতৃ-মাতৃক সম্মান কৰিবা । অকাৰণত জীব-হত্যা নকৰিৱা । লোকৰ তিৰোতাৰ প্ৰেমত আসক্ত নহবা। চুৰ নকৰিবা ; মিছা কথাকে। নকবা । তোমাৰ চুবুৰীয়াৰ ঘৰ, ভাৰ্য্যা, দাস, দাসী, মহ-গক বা আন কোনো বস্তুলৈ লোভ নকৰিবা । ৭। মানুহৰ দশা সদায় সমানে নবৰ্ত্তে, ৰথৰ চক্ৰৰ দৰে ঘুৰি