পৃষ্ঠা:পাঠ-মালা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ৮। সুগন্ধি ফুল-ধৰা এজোপা গছেই গোটেইখন হাবি মলমলীয়া কৰে, আৰু এটি লুপুত্ৰৰ দ্বাৰাও তেওঁৰ বংশৰ মান- যশ বাঢ়ে। ৯। মানুহবিলাকৰ আল্যৰ সমান শত্ৰু, আৰু উদ্যোগৰ সমান বন্ধু নাই । ১০। বড়ৰ আঠাৰ ঢোপ এটা হাতৰ আঘাত লাগি মাটিত পৰিলেও পুনৰায় ডেও দি ওপৰলৈ উঠে, সেইরূপে আপদত পৰিলেও সাধুৱে তাৰপৰা উদ্ধাৰ পায় । কটা গছৰো গজালি ওলায়, ক্ষীণ হোৱ৷ চন্দ্ৰও পুনৰায় পূৰ হয় ; এই কথা গমি চাই সন্তসকল, বিপদত পৰিলেও, বিবশ নহয়। ১২। যি, যি কামত পাৰ্গত তেওঁক সেই কামত নিযুক্ত কৰিব লাগে ; কিয়নো নজনা কাম কৰিব লাগিলে পণ্ডিতৰো বুদ্ধি হেৰায়। ১৩। যাৰ জন্মৰ দ্বাৰ৷ তেওঁৰ বংশৰ উন্নতি হয়, তেওঁৰ জন্মেই হে জন্ম ; নতুবা এই অনিত্য সংসাৰত কোন্ নোপজে, আৰু কাৰ নো মৃত্যু নহয় ? ১৪। উদ্যোগী পুৰুষ সিংহৰ তুল্য শ্রেষ্ঠ ; তেওঁ অৱশ্যে লক্ষ্মীৰ কৃপা পায় ৷ মন্দ বুদ্ধিৰ মানুহে মাথোন দৈৱৰ ওপৰত ভাৰসা কৰে, এতেকে আপোনাৰ শক্তিৰে দৈৱক ঠেলি পুরুষালি কৰা ; যত্ন কৰিলে যদি সিদ্ধি নহয়, তাত দোষ কি? ১৫। আপদত পৰিলে, মূৰ্খে দৈৱক দোষে ; আপোনাৰ কৰ্ম্মৰ দোষত যে আপদ হৈছে, তাক নেজানে। ১৬। সৎলোকে বিঘা হলে জ্ঞান পায়, ধন হলে দুখীয়াক