সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠমালা। ১৩১ মই আপোনাক মোৰ দুখৰ কাৰণ কলো; এতিয়া প্ৰাৰ্থনা কৰো যেন আপুনি মোক বধ কৰি এই দুখৰ পৰা উদ্ধাৰ কৰোক ইমান কষ্ট পায়ো যে, ম‍ই স্বয়ং প্ৰাণ এৰা নাই, তাৰ কাৰণ এই যে যি আপোন-ঘাতী হয়, সি ‘অসূৰ্য্য' ( সূৰ্য্যৰ পোহৰ নথকা ) নামেৰে নৰকলৈ যায়; কিন্তু যজ্ঞৰ নিমিত্তে পশুৰ সৃষ্টি, এতেকে যজ্ঞত

বধ কৰা হলে পশুৱে সদগতি পায়। পূৰ্বেৰ অগ্নি আৰু বৰুণ দুয়ো পশু আছিল, যজ্ঞত প্ৰাণ এৰি দীপ্তিমন্ত দেৱতা হল। এতেকে হে মহাৰাজ! মোৰ প্ৰতি সদয় হওক, আৰু মোক যজ্ঞৰ নিমিত্তে বধি ঊৰ্দ্ধ লোকত ঠাই দিওক। তাকে কৰিলে আপুনিও অভিলষিত পুত্ৰ পাব।” ইয়াৰ পাচত প্ৰথমটো হৰিণাই উত্তৰ কৰিলে, “মহাৰাজ! এওঁৰ বহু সন্তান, এতেকে এওঁ ধন্য, আৰু বধৰ আযোগ্য; মই দুৰ্ভগীয়া আৰু অপুত্ৰক এই কাৰণ মোৰ প্ৰাণ মাৰোক। “তেতিয়া দ্বিতীয়টো হৰিণাই পুনৰ মাত লগালে, কেৱল এটা মাত্ৰ দেহৰ দুখ সহে, মহাৰাজ! যি লোকে তেওঁ সুখীয়া; যাৰ দেহৰ সংখ্যা অনেক তেওঁৰ দুখো অধিক; আগেয়ে মই অকলৈ থকা কালত একেটা দেহৰে কষ্ট মাথোন পাইছিলোঁ, যেতিয়া ভাৰ্য্যা বিয়া কৰিলোঁ তেতিয়া মোৰ দুখ দুগুণ হল, আৰু তাৰ পাচত যেতিয়া সন্তানবিলাক জন্মিলে, তেতিয়া সিহঁতৰ সংখ্যা যিমান, মোৰ শৰীৰৰ সংখ্যাও সিমান হল আৰু সেই পৰিমাণে দুখো বাঢ়ি গল। মহাৰাজ! যি লোকে যাতনা নেপায়, তেৱেই মোৰ এই জীৱন কেৱল দুখৰ নিমিত্তেই হে হৈছে আৰু পৰকালতো সুখ ন হয়, কাৰণ মোৰ সন্তানবিলাকৰ পোহপালৰ ধন্য;