সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
পাঠ-মালা।

নিমিত্তে মই যিবোৰ কাৰ্য্য কৰিছো তদ্দ্বাৰা নিশ্চয়ে নৰকত হে মোৰ ঠাই হব।”

 সেই দুই হৰিণাৰ এইবিলাক বাদানুবাদ শুনি ৰজাই বুলিলে, “পুত্ৰৱন্ত নে অপুত্ৰক লোক সুখী তাক নিশ্চয় কৰিব নোৱাৰি মোৰ মন অস্থিৰ হৈছে। সন্তানৰপৰা মানুহৰ ইহকালত কষ্ট হয়, ই সচাঁ; কিন্তু এই কথাও মোৰ শুনা আছে যে, অপুত্ৰক লোক ধৰুৱা *[] হৈ থাকে। এতেকে জীৱ-হত্যা নকৰাকৈ পুত্ৰ- লাভৰ নিমিত্তে যজ্ঞ কৰিম। ইয়াকে কৈ তেওঁ নগৰলৈ উলটি গল।

 কোনো হৰিণাই যে ওপৰত লিখা কথা কৈছিল এনে নহয়, তাৰ দ্বাৰা মানুহে যে কোনো অৱস্থাত সম্পূৰ্ণ সুখ নেপায়; ইয়াকে মাথোন বুজোৱা হৈছে। আমি সদায় দেখিছোঁ, অপুত্ৰক লোকে পুত্ৰ পাবৰ নিমিত্তে ব্যাকুল; যাৰ আকৌ বহুত পুতেক-জীয়েক, তেওঁ সিহঁতৰ পোহপালৰ আৰু নৰিয়া চোৱাৰ চিন্তাতে সদায় দুখত কাল নিয়ায়; এতেকে এই সংসাৰত সম্পূৰ্ণৰূপে সুখীয়া কেও নাই। এই হেতু নিৰ্দ্দোষ কাম কৰি যি অলপ সুখ পোৱা যায় তাৰেই সন্তুষ্ট হৈ থাকিব লাগে।

অন্ত।


  1. ব্ৰাহ্মণ জন্মা মাত্ৰেই, ঋষি, দেৱতা আৰু পিতৃ এই তিনিৰ ধৰুৱা হয়। ব্ৰহ্মচাৰী হৈ বেদ পাঠৰ দ্বাৰা ঋষিৰ, যজ্ঞ কৰি দেৱতাৰ আৰু সন্তান উৎপাদনৰ দ্বাৰায় পিতৃ সকলৰ ধাৰশুজিৰ লাগে,—দ্বত্তক মীমাংসা।