সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

025 পাঠমালা। কি? হৰিণাই উত্তৰ কৰিলে, “মহাৰাজ! মোৰ পুত্ৰ নাই; এতেকে, মোৰ জীৱন অসাৰ্থক; এনে জীৱন আৰু অধিক কাল ৰাখিবৰ ইচ্ছা নকৰো। এনে সময়তে আন এটা হৰিণাই আহি ৰাজাক কলে, “মহাৰাজ! মোক বধ কৰি মাংসৰ দ্বাৰা ধৰ্ম্মকৃত্য কৰোক, তাতে আপুনি বাঞ্ছিত ফল পাব, মোৰো উপকাৰ হব। আপুনি পুত্ৰ পাবৰ কাৰণে পিতৃ সকলক পূজিব খুজিছে; এই মৃগ অপুত্ৰক, তাৰ মাংসৰ দ্বাৰা আপোনাৰ পুত্ৰ লাভ কেনেকৈ হব? মানুহে যি কাম কৰিব খোজে, তাৰ উপযুক্ত বস্তুৰ আয়োজন কৰিব লাগে। আপুনি জানে, দুৰ্গন্ধি বস্তুৰ পৰা কেতিয়াও সুগন্ধৰ উৎপত্তি নহয়।” এই কথা শুনি ৰজাই বুলিলে, “এই মৃগে পুত্ৰৰ অভাৱত ভাৰ সংসাৰত বৈৰাগ্য হোৱাৰ কাৰণ বুলি কৈছে; তোৰ নো জীৱনত বিৰাগ কিয় হৈছে ক-চোন?” হৰিণাই উত্তৰ কৰিলে, “মহাৰাজ! মোৰ বহুত পো-জী আছে; সিহঁতৰ চিন্তাই সদায় মোক দগ্ধ কৰে, হৰিণ-জাতিক সকলো প্ৰাণীয়ে সহজ বধিব পাৰে; এই কাৰণে কিবা জানি মোৰ মৰমৰ সন্তান-সন্ততিবিলাকক কোনোবাই হিংসে, এই ভয়ত সদায় মোৰ মন ব্যাকুল; মোৰ মনত মানুহ, সিংহ, বাঘ, শিয়াল আৰু এই কুকুৰ সকলোৰে পৰা সিহঁতৰ অনিষ্টৰ আশঙ্কা হয়। মোৰ সন্তানবিলাক বাহিৰলৈ গলে কিবা জানি সিহঁত জাল, ফান্দ বা অন্যপ্ৰকাৰ কুট-যন্ত্ৰত, নাইৰা সিংহাদিৰ হাতত পৰে মোৰ মনত এনে নানা চিন্তা হয়। চাওকচোন মই কেনে ঘোৰ ভাৱনাত পৰি আছোঁ৷। এই চিন্তাতে মোৰ ৰাতিয়ে, দিনে সুখ শান্তি নাই।