সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১ আধ্যা।
১ পাঠ।
নীতি-সাৰ (Moral Lessons or Morality.)

 ১৷ কলো বস্তুতকৈ বিদ্যা শ্ৰেষ্ঠ, কিয়নো তাক চোৰে চুৰি কৰিব নোৱাৰে, ভাগীয়েও ভগাই নলয়, আৰু সি কেতিয়াও ক্ষয় নেপায়।
 ২। বিদ্যাই মানুহক নম্ৰ কৰে, নম্ৰ হলে মানুহ সৎপাত্ৰ হয়, সেয়ে হলে ধন বাঢ়ে, ধনৰ পৰা ধৰ্ম্ম আৰু তাৰপৰা সুখ হয়।
 ৩। শাস্ত্ৰে অনেক বিষয়ৰ সংশয় গুচায়, নেদেখা কথাকো দেখাৰ দৰে বুজায়, এতেকে শাস্ত্ৰ সকলোৰে চকুৰ নিচিনা, সেহ শাস্ত্ৰ-জ্ঞান যাৰ নাই, সি কণা।
 8৷ যি বিদ্বান্ আৰু ধাৰ্ম্মিক নহয়; এনে পুত্ৰ হোৱাৰ ফল কি? দেখা-শক্তিহীন চকু থকাতকৈ নথকাই ভাল; কিয়নো তেনে চকুৰে সদায় পীড়া মাথোন দিয়ে।
 ৫। যেনেকৈ সোণৰ লগত পৰিলে কাচেও উজ্জ্বল বৰণ ধৰে সেইৰূপে সজ্জনৰ লগত থাকিলে মূৰ্খও পণ্ডিত হয়।
 ৬। ৰজাও বিদ্বান্ লোকৰ সমান নহয়; কিয়নো ৰজা নিজ দেশত মাথোন মান্য, বিদ্যাৱন্ত মানুহে সকলো ঠাইতে সম্মান পায়।
 ৭। গুণহীন মানুহ উচ্চ বংশত ওপজাৰ কি ফল? বিদ্যাৱন্ত হলে নীচ কুলৰ লোকেও সকলোৰে আদৰ পায়।