পৃষ্ঠা:পাঠ-মালা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ আধ্যা। ১ পাঠ। নীতি-সাৰ (Moral Lessons or Morality.) ১৷ সকলো বস্তুতকৈ বিদ্যা শ্রেষ্ঠ, কিয়নো তাক চোৰে চুৰি কৰিব নোৱাৰে, ভাগীয়েও ভগাই নলয়, আৰু সি কেতিয়াও ক্ষয় নেপায়। ২। বিঘাই মানুহক নম্ৰ কৰে, নম্র হলে মানুহ সৎপাত্র হয়, সেয়ে হলে ধন বাঢ়ে, ধনৰ পৰা ধৰ্ম্ম আৰু তাৰপৰা সুখ হয় । ৩। শাস্ত্রে অনেক বিষয়ৰ সংশয় গুচায়, নেদেখা কথাকে দেখাৰ দৰে বুজায়, এতেকে শাস্ত্ৰ সকলোৰে চকুৰ নিচিনা, সেহ শাস্ত্ৰ-জ্ঞান যাৰ নাই, সি কণা। 81 যি বিদ্বান্ আৰু ধাৰ্ম্মিক নহয় ; এনে পুত্ৰ হোৱাৰ ফল কি ? দেখা-শক্তিহীন চকু থকাতকৈ নথকাই ভাল ; কিয়নো তেনে চকুৰে সদায় পীড়া মাথোন দিয়ে ৷ ৫। যেনেকৈ সোণৰ লগত পৰিলে ধৰে সেইৰূপে সজ্জনৰ লগত থাকিলে মূৰ্খও পণ্ডিত হয়। ৬। ৰজাও বিদ্বান্ লোকৰ সমান নহয়; কিয়নো ৰজা নিজ দেশত মাথোন মান্য, বিদ্যাৱন্ত মানুহে সকলো ঠাইতে সম্মান পায় । ৭। গুণহীন মানুহ উচ্চ বংশত ওপজাৰ কি ফল? বিদ্যা- ৱন্ত হলে নীচ কুলৰ লোকেও সকলোৰে আদৰ পায় । কাচেও উজ্জ্বল বৰণ